ৰঙিয়াঃ ৰঙিয়া চহৰৰ সমীপৰ গোপালপুৰত বৰলীয়া নৈৰ ওপৰৰ কাঠৰ দলংখনৰ লগতে কলমণি দদতিয়া সংযোগী কাঠৰ দলংখন আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই আজি দিনৰ ১২ বজাত এক মাংগলিক কাৰ্যসূচীৰে দলংখনৰ শুভ উদ্বোধন কৰাৰ লগে লগে ৰঙিয়াৰ দক্ষিণ দিশৰ কেইবাখনো গাঁৱৰ যাতায়াত ব্যৱস্থা সুচল হৈ পৰে।

আজিৰ উদ্বোধনী কাৰ্যসূচীত ৰঙিয়া গড়কাপ্টানী বিভাগৰ কাৰ্যবাহী অভিযন্তা ভূপেন ডেকা, সহকাৰী কাৰ্যবাহী অভিযন্তা দীপক বৈশ্যৰ লগতে কনিষ্ঠ অভিযন্তা ধীৰেন কলিতাও উপস্থিত থাকে।