
ডিমাকুছিঃ সংখ্যালঘু নেতা এবিএমছুৰ সভাপতি লাফিকুল ইছলামৰ হত্যাকাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম নোহোৱাত পুনৰ প্ৰতিবাদমুখৰ হৈ পৰিছে বিটিএডি৷ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ শুকুৰবাৰে পুৱা ৫ বজাৰ পৰা ১২ ঘন্টীয়া বিটিএডি বন্ধ ঘোষণা কৰে সংগঠনটোৱে৷
চিবিআইৰ তদন্ত ক্ষীপ্ৰ কৰা, এছআইটিৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰা আদি কেইবাটাও দাবীত শুকুৰবাৰে আহ্বান জনোৱা বিটি এডি বন্ধৰ প্ৰভাৱ ওদালগুৰি জিলাৰ ডিমাকুছিতো পৰা দেখা যায়৷ ডিমাকুছি, শুক্লাই, বৰঙাজুলী, আটাৰীখাট, নাওবান্ধা আদি অঞ্চলৰ দোকান-পোহাৰ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, যান বাহন চলাচল বন্ধ হৈ পৰে৷ পুৱাৰে পৰা বন্ধৰ সমৰ্থকে ৰাজপথলৈ ওলাই আহি ৰাজ পথত টায়াৰ জ্বলাই বিজেপিৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি উত্তাল কৰি তোলে পৰিবেশ৷ বন্ধৰ সময়ছোৱাত বাতৰি লিখাৰ পৰলৈকে অঞ্চলটোত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা হোৱা নাই।