
চাবুৱাঃ যি সময়ত নিজৰ ব্যস্ততাক লৈ মানুহ ব্যস্ত হৈ পৰিছে ঠিক সেই সময়তেই আজি চাবুৱাৰ বামচুমণি গাঁৱৰ ৰাইজে একগোট হৈ উঠি অহা প্ৰজন্মক এক বাৰ্তা দিবলৈ সক্ষম হৈছে।
১৯৭৩ চনত ৰাইজে স্থাপিত কৰা নামঘৰটো ভাগি যোৱাত ৰাইজে তাক পুনৰ নিৰ্মাণ কৰিবলৈ গাঁওখনৰ শতাধিক ৰাইজে আৰ্থিক সাহায্য প্ৰদান কৰে৷ গাঁওখনৰ শতাধিক ৰাইজৰ প্ৰচেষ্টাত আজি ব্যপক উলহ মালহেৰে নামঘৰৰ লাইখুঁটা পুতি পুনৰ নিৰ্মাণৰ শুভাৰম্ভ কৰা হয়৷
এই শুভাৰম্ভ অনুষ্ঠানত বহুকেইখন গাঁৱৰ গাঁওবুঢ়াৰ লগতে মটক উন্নয়ণ পৰিষদৰ সভাপতি নুমল বড়াও উপস্থিত থাকে। ইপিনে নামঘৰটো নিৰ্মাণ কৰোতে মিস্ত্ৰীৰ লগত কাম কৰিবলৈ আজি গাঁও খনৰ যুৱক সকলৰ ৭ জনীয়াকৈ ভালেকেইটা দল গঠন কৰা হয়৷
উক্ত অনুষ্ঠানত উপস্থিত থকা মটক উন্নয়ণ পৰিষদৰ সভাপতি নুমল বড়াই গাওঁবাসীৰ এই পদক্ষেপক প্ৰশংসা কৰি অসমীয়া জাতিটোক পুনৰ একগোট হৈ থকাৰ ক্ষেত্ৰত সমগ্ৰ অসমবাসীলৈ এক নতুন বাৰ্তা আগবঢ়াইছে বুলি মন্তব্য কৰে।