
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
নলবাৰীঃ ভয়ংকৰ অগ্নিকাণ্ডই জোকাৰিলে নলবাৰী চহৰ৷ বৃহস্পতিবাৰে ভয়ংকৰ অগ্নিকাণ্ডত জুইত জাহ যায় উপহাৰ আৰু শুৱালকুছি চিল্ক নমৰ দুখন প্ৰতিষ্ঠিত বস্ত্ৰৰ দোকান৷ কৌটি টকাৰ সা সম্পত্তি ভষ্মিভূত হয় অগ্নিকাণ্ডত। বৈদ্যুতিক শ্বটচাৰ্কিটৰ ফলত জুইৰ সুত্ৰপাত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত নিৰ্বাপিত হয় জুই।
প্ৰতিষ্ঠান দুখনৰ ভিতৰত থকা দুটাকৈ চিলিণ্ডাৰ বিষ্ফোৰণৰ ফলতে মূহুৰ্তত জুই চানি দৰে নলবাৰী হাতখোলাৰ সমীপৰ দুই প্ৰতিষ্ঠানত। স্থানীয় ৰাইজৰ সহযোগত নলবাৰী, টিহু, ৰঙিয়া, বাইহাটাৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নুমুৱাই। নিশ্চিত ভাবে বৃহৎ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে চহৰ খন। আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিৰ সহযোগত ৰক্ষা পৰে চহৰ খন।