
অভয়াপুৰীঃ অসমৰ গ্ৰাম্য অঞ্চলৰ লোকৰ বিৰম্বনা৷ ঘৰ-বৰ, নগদ ধন, সম্পত্তি চকুৰ সন্মুখতে পুৰি চাই হৈছিল তথাপিও সহায় কৰিবলৈ নাই প্ৰশাসন৷ প্ৰশাসন তথা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী তথা লোক আহিব পৰা নাছিল। আহিব কেনেদৰে গাঁৱৰ ভিতৰলৈ আহ-যাহ কৰিবলৈ নাই পথ৷ যাৰ ফলত এফালৰ পৰা জুইত জাহ যায় ঘৰ-বৰ, নগদ ধন, সম্পত্তি ৷
কেৱল খালি হাতেৰে গাঁৱৰ লোকে চেষ্টা কৰি অৱশেষত বিফল হয়৷ বঙাইগাঁও জিলাৰ বৰজানাত বৃগস্পতিবাৰে পুৱাৰ ভাগত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়৷ পুৱা বৰজানা গাঁও খনৰ এটি পৰিয়ালত অগ্নি কাণ্ড সংঘটিত হয়৷ তাৰ পিছতে ইঘৰ পৰা সিঘৰলৈ জুই বিয়পিব ধৰে৷
তিনিটা পৰিয়ালৰ ঘৰসমূহত আৱৰি ধৰে৷ বৰজানা গাঁও পঞ্চায়তৰ অন্তৰ্গত আৰু যোগীঘোপা আৰক্ষী থানাৰ বৰজানা দ্বিতীখণ্ডত পুৱা প্ৰায় ৭ বজাত এই ভয়াবহ অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিছিল। কিন্তু পথৰ দুৰৱস্থাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীলৈ অহাটো সম্ভৱ নহ’ল পথৰ দুৰৱস্থাৰ বাবে৷ ফলত তিনিটা পৰিয়ালৰ সকলো জ্বলি ছাই হৈ গৈছিল সকলো৷
টনছেৰ আলী চৰ্দাৰ, মান্নান আলী চৰ্দাৰ আৰু আমিনুল ইছলাম চৰ্দাৰৰ পাঁচটা বাসগৃহ সম্পূৰ্ণ ৰূপে ভস্মিভূত হয়। দুজন লোকো গুৰুতৰ ভাবে আহত হয়৷ বানপানীত উত্তৰ শালমাৰা মহকুমাৰ সদৰ অভয়াপুৰী আৰু বৰজানা গাঁৱৰ একমাত্র সংযোগী গড়কাপ্তানী পথটো উটুৱাই নিয়াত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হ’ব নোৱাৰাৰ ফলত এই অগ্নিকাণ্ডই ভয়াবহ ৰূপধাৰণ কৰি বিস্তৰ ক্ষতিসাধন কৰে বুলি স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ লোকৰ সন্মুখত প্ৰকাশ কৰে।
বিদ্যুতৰ শ্বৰ্ট-চাৰ্কিতৰ ফলত অগ্নিকাণ্ডত সংঘটিত হয় বুলি জানিব পৰা গৈছে৷ নগদ তিনি লাখ টকা সহ মুঠ বিশ লাখ টকাৰ সা-সম্পত্তি জুইত জাহ যায়। ইপিনে বহুত পলমকৈ ঘটনাস্থলীত যোগীঘোপা আৰক্ষীৰ এটি দল উপস্থিত হৈ অগ্নিকাণ্ডৰ প্ৰাথমিক তদন্ত কৰে৷