ওদালগুৰিঃ দাউদাউকৈ জ্বলি উঠিল ঘৰ খন৷ নিমিষতে জ্বলি ছাই হৈ গ’ল সকলো৷ মৰমৰ ঘৰখনৰ ঠাইত মাথো পৰি ৰ’ল এসোপা ছাই৷ আপোন ঘৰখন নিমিষতে জ্বলি ছাই হল৷ 

পৰিয়ালটোৰ কোঠাত আছিল পৰিয়ালটোৰ কিশোৰীগৰাকীৰ কিতাপ সমূহ৷ সৰ্বশ্ৰান্ত হৈ পৰা পৰিয়ালটোৰ কন্যা সন্তানগৰাকীয়ে পুৱাই এসোপা ছাইৰ মাজত বিচাৰি ফুৰে তাইৰ কিতাপ কেইখন৷ জানোচা কিতাপ কেইখন কেনেবাকৈ জুইৰ পৰা ৰক্ষা পৰিছে৷

সপোনৰ ঘৰখন যেন পলকতে জুইত জাহ যোৱাত তেওঁৰ সপোন সমূহো জাহ যায়। তাই যেন বাসগৃহ হেৰুৱাই দিশহাৰা হোৱা নাই৷ তাই দিশহাৰা গৈছে কিতাপ কেই খনৰ বাবে৷ আপোন ঘৰখন জুইত জাহ যোৱাৰ পাছত পাঠ্যপুথিৰ উদ্ধাৰত ব্যস্ত ওদালগুৰিৰ কিশোৰীগৰাকী৷ দেওবাৰে পুৱাই পৰা কিশোৰীগৰাকীয়ে কিতাপ উদ্ধাৰত ব্যস্ত হোৱাৰ এই দৃশ্য দেখা গৈছিল ওদালগুৰি জিলাৰ সদৰৰ মাজমজিয়াৰ পুৰণি শিৱ মন্দিৰৰ সমীপত৷ 

শনিবাৰে নিশা ওদালগুৰি সদৰৰ মাজমজিয়াৰ পুৰণি শিৱ মন্দিৰৰ সমীপত অগ্নিকাণ্ড সংঘটিত হৈ নিমিষতে সম্পূৰ্ণৰূপে তিনিটা পৰিয়ালৰ বাসগৃহ জাহ গৈছিল৷ পৰিয়ালকেইটাৰ কোনো এজন সদস্য উপস্থিত নথকাৰ সময়তে সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। 

সমীপৰ এঘৰত জন্মদিনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব গৈছিল পৰিয়ালৰ সদস্যসকল। উক্ত সময়তে জুইৰ লেনিহান শিখাই মানৱ দাস, হৃদয় ভড়ালী আৰু প্ৰয়াত নাৰায়ণ দাসৰ পৰিয়াল তিনিটাৰকৈ বাসগৃহ নিমিষতে ছাইলৈ ৰূপান্তৰিত হৈছিল। 

অগ্নিকাণ্ডৰ ফলত সকলো শেষ হৈ গৈছিল অতি দৰিদ্ৰ পৰিয়াল কেইটাৰ। অগ্নিকাণ্ডত কথমপি ৰক্ষা পৰিল সমীপৰে ক্ৰিকেন দাসৰ বাসগৃহ। জুইয়ে ত্ৰিকেন দাসৰ বাসগৃহটো আংশিকভাৱে ক্ষতিগ্ৰস্থ কৰে। অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগেই ঘটনাস্থলীত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰে।