
খাৰুপেটীয়াঃ দিনৰ দিনটো দোকানসামগ্ৰী বিক্ৰী কৰি নিশা প্ৰায় ৮ বজাত ঘৰলৈ গৈছিল কিশোৰগৰাকী৷ নিশাৰ আহাৰ গ্ৰহণ কৰি পুণৰ দোকানলৈ আহি অইন দিনাৰ দিনা সোমবাৰে নিশা দোকানৰ ভিতৰত শুইছিল কিশোৰগৰাকীয়ে৷ হয়তো তেও তেতিয়া গভীৰ তোপনিত লালকাল হৈ আছিল৷ তেওঁ চাগে গমেই পোৱা নাছিল সেই নিশাই মৃত্যুৱে তেওঁৰ বাবে ৰৈ আছিল৷
নিশা প্ৰায় ১১.৩০ বজাত দাউ দাউকৈ জ্বলিছিল তেওঁ শুই থকা দোকান খন৷ হয়তো তেও জুই চৌদিশে আৱলি ধৰাৰ পিছতে তেওঁ অৱগত হৈ ওঁলাবলৈ চেষ্টা কৰিছিল৷ চেষ্টা কৰি হয়তো চটফটাই বাহিৰলৈ ওঁলাই আহিবলৈ চেষ্টা কৰিছিল৷ সেয়া তেওঁৰ বাবে সম্ভৱ নহ’ল৷
ভিতৰতে তেওঁ পুৰি চাই হৈ গ’ল৷ বহু পলমকৈ গম পালে ৰাইজে৷ ৰাইজে দৌৰা দৌৰিকৈ আহি যিয়ে যেনেকৈ পাৰে জুই নুমুৱাবলৈ চেষ্টা কৰে যদিওঁ সকলো চেষ্টা বিফল হয়৷ আনহাতে স্থানীয় লোকে অৱগত হোৱাই নাছিল এগৰাকী কিশোৰ যে দোকানৰ ভিতৰত শুই আছিল৷ বহু পলমকৈ এই কথা ৰাজবুৱা হোৱাত একাংশ লোকে দোকানৰ টিন, সা-সামগ্ৰী আঁতৰাই কিশোৰগৰাকীক পুৰি চাই হোৱা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
দৰং জিলাৰ খাৰুপেটীয়াৰ দৈপামৰ অফিচ বজাৰত সোমবাৰে নিশা সংঘটিত হয় ভয়ানক অগ্নিকাণ্ড৷ দোকানৰ ভিতৰত শুই থকা আখতাৰ হুছেইন নামৰ কিশোৰগৰাকীয়ে অকাল মৃত্যুক আকোৱালি লয়৷ জানিব পৰা মতে, কিশোৰগৰাকীয়ে নিশা দোকানৰ ভিতৰত শুই আছিল৷
এখন হোটেলৰ পৰা সূত্ৰপাত হোৱা অগ্নিকাণ্ডৰ ফলত ১২ বছৰীয়া কিশোৰগৰাকীৰ মৃত্যু হোৱাৰ লগতে তিনিখন দোকান সম্পূৰ্ন ৰূপে ভস্মীভূত হয়৷ অগ্নিকাণ্ডত আব্দুল জব্বৰ, হুছেইন আলী আৰু মিনহাজুলৰ তিনিখন ব্যৱসায় প্ৰতিষ্ঠান ভস্মীভূত হয়।