শিমলুগুৰিঃ নাজিৰা মহকুমাক গুটখা মুক্ত কৰি নতুন প্ৰজন্মক গুটখা জাতীয় দ্ৰব্য সেৱনৰ পৰা আঁতৰাই ৰখাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ নাজিৰা মহকুমা ছাত্ৰ সন্থাই বিভিন্ন সময়ত মহকুমা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক দাবী কৰি অহাৰ পিছতো প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰাত আজি সংগঠনটোৱে নিজাববীয়া গুটখা বিৰোধী অভিযান চলায়।

আজি নাজিৰা মহকুমাৰ শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাই শিৱসাগৰৰ পৰা বিহুবৰলৈ গোপনে কঢ়িয়াই অনা লক্ষাধিক টকা মূল্যৰ গুটখা জব্দ কৰি জ্বলাই দিয়ে। নাজিৰা মহকুমা ছাত্ৰসন্থাৰ উপদেষ্টা আৰু সভাপতি ক্ৰমে পৰাগ দত্ত আৰু মানৱ হাজৰিকাই জানিবলৈ দিয়া মতে বিহুবৰৰ এটা ব্যৱসায়ী চক্ৰই দৈনিক লক্ষ লক্ষ টকাৰ গুটখা সৰবৰাহ কৰি বিহুবৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলত গুটখাৰ ব্যৱসায় কৰি আহিছে।

স্থানীয় প্ৰশাসন আৰু আৰক্ষীৰ লগত গোপন বুজা বুজি কৰি চক্ৰটোৱে বিহুবৰত মুকলিকৈ এই অবৈধ বেহা চলাই আছে । আজিও শিৱসাগৰৰ পৰা এখন সৰু মালবাহী গাড়ীত বিস্কুটৰ কাৰ্টোনৰ মাজত লুকুৱাই বুজন পৰিমাণৰ গুটখা আনে৷ আজি গোপন সূত্ৰৰ পমখেদি শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকলে গুটখা খিনি জব্দ কৰে আৰু পিছত শিমলুগুৰি চাৰিআলিত ৰাজপথৰ ওপৰত এই জব্দকৃত গুটখা খিনি জ্বলাই দিয়ে।

সংগঠনটোৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি আৰু সম্পাদক নয়নমণি শৰ্মা আৰু মীৰ্জা আলীয়ে সংবাদ মাধ্যমক জনোৱামতে নৱপ্ৰজন্মৰ ওপৰত বিৰুপ প্ৰভাৱ পেলোৱা কোনো অবৈধ দ্ৰব্যৰ ব্যৱসায় শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ এলেকাত কৰিবলৈ দিয়া নহ’ব৷

এই ক্ষেত্রত প্ৰশাসনে কোনো ব্যৱস্থা নললে ছাত্ৰ সন্থাই আজিৰ দৰে নিজাববীয়া পদক্ষেপ গ্ৰহণ কৰিব। শিমলুগুৰি নগৰতো কেইজনমান অসাধু ব্যৱসায়ীয়ে অতি গোপনে এই ব্যৱসায় চলাই থকা আছুৰ দৃষ্টিগোচৰ হোৱা বুলি আঞ্চলিক নেতাদ্বয়ে দাবী কৰিছে।