
গুৱাহাটীঃ এটি ম্যাদ উকলা কাৰ্বন ফেক্টৰীৰ অতপালিত অতিষ্ঠ হৈ পৰিছে ৰাইজ৷ কাৰ্বন ফেক্টৰীটোৰ প্ৰদূষণৰ ফলত মানুহ ৰুগীয়া হ'বলগীয়া হৈছে৷ এনে পৰিপ্ৰেক্ষিতত তিনিচুকীয়া জিলাৰ বৰগুৰিস্থিত ডিগবৈ কাৰ্বন প্ৰাঃ লিঃ নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰিছে ৰাইজ৷
ৰাইজে প্ৰতিষ্ঠানটো অবৈধভাৱে চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ আনহাতে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে তিনিচুকীয়া জিলাৰ বৰগুৰিস্থিত কাৰ্বন প্ৰাঃ লিঃ নামৰ কোম্পানীটোৰ নথি-পত্ৰৰ ম্যাদ উকলি যোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷
প্ৰতিষ্ঠানটোৱে অবৈধভাৱে চলি থকাৰ লগতে প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাজেন্দ্ৰ প্ৰসাদ সিঙৰ লগতে তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ আশীৰ্বাদত লেখাপানীত থকা কাৰ্বন ফেক্টৰীটো তিনিচুকীয়া বৰগুৰিলৈ স্থানান্তৰ কৰে বুলি সংগঠনটোৱে গুৰুতৰ অভিযোগ উত্থাপন কৰে।
ৰাইজে বাৰম্বাৰ বায়ু প্ৰদূষণৰ ফলত ত্ৰাহি মধুসূদন সুৱৰিবলগীয়া হোৱা কাৰ্বন ফেক্টৰীটো লেখাপানীৰ পৰা অন্য ঠাইলৈ নিবলৈ দাবী জনাই আহিছে যদিও আজিলৈকে প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰি আহিছে।
মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই স্থানীয় বিধায়ক বিনোদ হাজৰিকাৰ আৰু তিনিচুকীয়া জিলাৰ উপায়ুক্তক কাৰ্বন ফেক্টৰীটোৰ তথ্য-পাতি নিৰীক্ষণ কৰি শাস্তি বিহাৰ লগতে শীঘ্ৰে কোম্পানীটো বন্ধ কৰিবলৈ দাবী জনাইছে। অন্যথা সংগঠনটোৱে ৰাইজৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে।
• With inputs from NNO Chabua •