নলবাৰীঃ ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয় উন্নয়ন আযুক্ত( হস্তশিল্প) বিভাগৰ জৰিয়তে নলবাৰী জিলাত এ এডছ ভি ৱাই আঁচনিৰ বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠানৰ দ্বাৰা ৫ বছৰীয়া আঁচনি গ্ৰহণ কৰে৷ যোৱা দুবছৰ পূৰ্বে উক্ত আঁচনিৰ জৰিয়তে বিভাগটোৱে আই ডি কাৰ্ড বনোৱাৰ বাবে প-পত্ৰ পূৰণ কৰিছে যদিও আজি পৰ্যন্ত দিবলৈ সক্ষম হোৱা নাই সকলোবোৰ শিল্পীক৷ জিলাখনত হেজাৰ হেজাৰ কাৰ্ডৰ বিপৰিতে কেইখনমানহে দিবলৈ সক্ষম হৈছে বৰ্তমানলৈ৷

উল্লেখ্য যে জিলাখনৰ হস্ত শিল্পী সকলে অভিযোগ কৰে যে উক্ত বিভাগটোৰ জৰিয়তে শিল্পী সকলক হাৰাশাস্তিহে কৰি আহিছে কিন্তু কোনো ধৰনৰ সুবিধা দিবলৈ সক্ষম হোৱা নাই ৷ সুবিধাৰ ফালে চকু মুদি নামতহে আঁচনি গ্ৰহণ কৰা হৈছে৷ আজি পৰ্যন্ত এটা প্ৰশিক্ষণ দিবলৈ সক্ষম নহোৱা বিভাগটোৱে কাৰ্যক্ষেত্ৰত ভেকোঁভাওনা কৰা বুলি সদৰি কৰে শিল্পী সকলে৷ আজি ধুবুৰী জিলাৰ গৌৰীপুৰ মাৰ্কেটিং চেন্টাৰৰ পৰা অহা হস্ত শিল্প প্ৰমোচন বিষয়া গৰাকী জিলাখনৰ ঘগ্ৰাপাৰৰ এটা ক্লাচটাৰত উপস্থিত হোৱা তেওঁক শিল্পীসকলে বিভিন্ন প্ৰশ্নৰ সন্মুখিন হয়৷  শীঘ্ৰে শিল্পীসকলৰ প্ৰশিক্ষণ আদিৰ ব্যবস্থা কৰিবলৈ দাবী জনায়৷