22
Jul
2017

অসমৰ সম্পদৰ বাবেহে অসম অতিকৈ আপোন দিল্লীৰ বাবে। শেহতীয়াকৈ ‘কেগ’ৰ প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰে অসমক বান সাহায্য দিয়াৰ সম্ভাৱনা তেনেই ক্ষীণ। অসম চৰকাৰৰ ভূমিকাও এইক্ষেত্ৰত সম্পূৰ্ণৰূপে পালমৰা। দুয়োখন চৰকাৰৰ বাবে ৰাইজৰ ধন অপব্যয় কৰি আত্মসাৎ কৰাটোৱেই যে মূল উদ্দেশ্য সেয়া ৰাইজে দেখি আহিছে। ইফালে, ৰাইজ ককবকাই আছে বানত। সৰ্বস্বান্ত হৈছে খহনীয়াত, আৰু আমৰ জনপ্ৰতিনিধি মছগুল উছৱৰ আনন্দত।