19
Jul
2017

বান আৰু খহনীয়াই ৰাজ্যক বিধ্বস্ত কৰাৰ সময়ত প্ৰতিবাৰেই দিল্লীয়ে সাহায্য আৰু সহযোগিতা আগবঢ়োৱাৰ নামত এক মাতব্বৰী ভূমিকা গ্ৰহণ কৰি আহিছে। আচৰিত কথা এয়াই যে, প্ৰতিবাৰেই অসমে এনে দুৰ্যোগৰ সময়ত দিল্লীলৈ গৈ স্মাৰকপত্ৰ দি আবেদন জনাবলগীয়া হয় । এইবেলিও ইয়াৰ ব্যতিক্ৰম নহ’ল। মগনীয়াৰ দৰে গৈ অসমে নিজৰ প্ৰাপ্যৰ বাবে পূৰ্বাপৰ ৰীতিমতেই দিল্লীত হাত পাতিবলগীয়া হৈছে। পিছে মূল কথাটো হ’ল এনে দুৰ্যোগৰ সময়ত কেন্দ্ৰই কোনো প্ৰশ্ন নকৰাকৈ ৰাজ্য এখনক সহযোগিতা আগবঢ়োৱাটো মৌলিক দায়িত্ব। এই দায়িত্ব দিল্লীয়ে অইন ৰাজ্যৰ ক্ষেত্ৰত ঠিকেই প্ৰয়োগ কৰি আহিছে।