হাইলাকান্দিঃ অসমৰ ভূমি মিজো লোকে দখল কৰি অহাত দীৰ্ঘদিন ধৰি অসম-মিজোৰাম সীমান্তত উত্তেজনা অব্যাহত আছে৷ তাৰ মাজতে যোৱা ২৭ ফেব্ৰুৱাৰীত পুনৰ মিজো লোকে দিনৰ পোহৰতে মুকলিকৈ ওলাই আহি অসমৰ ভূমিত ভিৰ কৰি বাঁহ-কাঠ টিন লৈ অসমৰ প্ৰশাসন আৰু বন বিভাগৰ সন্মুখতে ঘৰ বনাইছিল৷ 

যাৰ ফলত এক সংঘৰ্ষমূলক পৰিস্থিতি সৃষ্টি হোৱাত উত্তজনাই বিৰাজ কৰিছিল৷ সমগ্ৰ হাইলাকান্দি জিলাত উত্তেজনা বিয়পি পৰিছিল। অসমৰ ভূমিত মিজো লোকে দাদাগিৰী কৰি এটি গৃহ নিৰ্মাণ কৰিব অহাৰ খবৰে উত্তেজনাৰ সৃষ্টি কৰে সমগ্ৰ অসমৰ অসমতে৷

তাৰ মাজতে সমগ্ৰ পৰিস্থিতিৰ বুজ লবলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিব এটি দল৷ গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশত মঙলবাৰে অসম-মিজোৰাম সীমান্ত ভ্ৰমণ কৰি কেন্দ্ৰীয় চৰকাৰক শেহতীয়া পৰিস্থিতি আৰু সীমা সমস্যাৰ স্থায়ী সমাধান সন্দৰ্ভত মত দিব৷ 

ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰে কম সময়ৰ ভিতৰত দুয়ো ৰাজ্যৰ দল-সংগঠন আৰু সীমান্তৰ লোকৰ সৈতে কথা বতৰা পাতিব বুলিও জানিব পৰা যায়৷ গৃহ বিভাগৰ উত্তৰ পূবৰ দায়িত্বত থকা যুটীয়া সচিব সতেন্দ্ৰ গাৰ্গ সহ চাৰিজন লোক আহিব সীমান্তলৈ। 

উল্লেখ্য যে, বছৰ বছৰ ধৰি দুয়ো ৰাজ্যৰ মাজত সীমা সমস্যাক লৈ উত্তেজনা অব্যাহত থকাৰ সময়তে ২৭ ফেব্ৰুৱাৰীত অসমৰ ভূমিত জিৰণী চৰা সাজিছিল মিজোৰামৰ লোকে। অসম-মিজোৰাম সীমান্তৰ হাইলাকান্দি জিলাৰ কচুৰতল নামৰ ঠাইত মিজো লোকে দলে-বলে আহি এটি গৃহ সাজে। 

অসম আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু বন বিভাগ বাধা আৰোপ কৰে যদিও কোনো বাধা নামানি হাঁহি ধেমালি কৰি গৃহ নিৰ্মাণ কৰিছিল মিজো লোকে।

এই ঘটনাৰ পিছতেই অসম প্ৰশাসন সস্তম হৈ পৰে৷ তাৰ কিছু দিন পিছতেই অসম প্ৰশাসনে নিৰাপত্তাৰক্ষী বৃদ্ধি কৰি বেদখল উচ্ছেদ কৰাৰ লগতে মিজোলোকৰ ভিৰ কমাবলৈ লাঠিচালনা কৰিব লগা হয়৷ 

কেন্দ্ৰীয় চৰাকৰে দুয়ো খন ৰাজ্যৰ সীমান্তৰ পৰিস্থিতিক লৈ চিন্তা ব্যক্ত কৰে৷ দুয়ো ৰাজ্যৰ সমস্যা সমাধান কৰাৰ বাবে গৃহ মন্ত্ৰণালয়ে দুয়োৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ত কথা পাতে৷

এতিয়া প্ৰশ্ন উত্থাপন হয় পূৰ্বেও এনেদৰে সীমা সমস্যাৰ সমাধান কৰাৰ বাবে চেষ্টা চলোৱা হৈছিল যদিও মিজো লোকে বাৰে বাৰে বেদখল কৰি অহাত সংঘাতৰ সৃষ্টি হৈ আহিছে৷ 

অসম-মিজোৰাম সীমান্তৰ অসমৰ বাসিন্দাসকলে শান্তিত থাকিব বিচাৰে যদিও একাংশ উগ্ৰ মিজো লোকে বাৰে বাৰে পৰিস্থিতি বেয়াৰ দিশে নিব বিচাৰে বুলিও অভিযোগ উত্থাপিত হৈ আহিছে৷ অসমৰ লোকে মিজো লোকৰ দাদাগিৰী বন্ধ কৰিব হে দাবী জনাই আহিছে৷