
তিনিচুকীয়াঃ ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে ৰাজ্যৰ দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ বিশেষকৈ দীনদয়াল বিতৰ্কই ৰাজ্যৰ উজনি নামনি উত্তাল কৰি ৰখাৰ পাছতো ৰাইজৰ প্ৰবল প্ৰতিবাদক আওকাণ কৰি শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে তিনিখনকৈ জনসংঘৰ প্ৰতিষ্ঠাপক দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপন কৰে৷ এই কাৰ্যক আলফা স্বাধীনে কঠোৰভাষাৰে সমালোচনা কৰে৷
সোমবাৰে অসমৰ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিতৃতি যোগে আলফাৰ প্ৰচাৰ সম্পাদক মেজৰ অৰুণোদয় অসমে অসমৰ জাতীয় জীৱনৰ লগত সংগতি নথকা কেতবোৰ ব্যক্তিক ব্যক্তি বন্দনাৰে কেৱল দিল্লীৱালাক তোষামোদৰ ৰাজনীতি কৰা কাৰ্য কোনোপধ্যেই মানি লোৱা নহ'ব বুলি স্পষ্ট কৰে৷ তদুপৰি পুৰ্বৰ কংগ্ৰেছ চৰকাৰেও একে পন্থাৰে ১৯৬২ চনত তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে আকাশবাণী যোগে বিদায় জনোৱাৰ পাছতো নেহৰু কিম্বা তেওঁৰ জী আৰু নাতিৰ নামত বিভিন্ন-অনুষ্ঠান প্ৰতিষ্ঠান থকাটো অসমবাসীৰ বাবে অপমানজনক বুলি সংগঠনটোৱে পূৰ্বৰ চৰকাৰখনকো দোষাৰোপ কৰে৷
বৰ্তমান বিজেপি নেতৃত্বাধীন সৰ্বা চৰকাৰেও একেই নীতি অৱলম্বন কৰি তোষামোদকাৰীৰ ভূমিকাক আলফাই কোনো কালেই সমৰ্থন নকৰে বুলি উল্লেখ কৰে বিবৃতিত৷ বৃটিছ সাম্ৰাজ্যৰ বিৰুদ্ধে সংগ্ৰাম কৰি স্বদেশ প্ৰেমৰ দৃষ্টান্ত দাঙি ধৰি মৃত্যুক সাৱটি লোৱা নমস্য অসমীয়া কিম্বা পথৰুঘাটৰ কৃষক বিদ্ৰোহত অমৰ মৃত্যু বৰণ কৰা শ্বহীদ সকল সহিতে ৬০ৰ ভাষা আন্দোলনৰ শ্বহীদ, অসমৰ অস্তিত্ব ৰক্ষাৰ্থে ছয়বছৰীয়া আন্দোলনৰ ৮৫৫ গৰাকী বীৰ সন্তানৰ নামৰ উপৰিও অসমৰ জাতীয় জীৱনৰ কোঁহে কোঁহে নাম বিজৰিত হৈ থকা ব্যক্তিৰ নামত শীঘ্ৰে মহাবিদ্যালয়সমূহৰ নামকৰণ নিশ্চিত কৰক অন্যথাই পৰিণাম ভয়াবহ হ’ব বুলি হুংকাৰ দিয়ে৷
তদুপৰি বহিৰাগত ভাৰতীয় ব্যক্তিসকলক অসমৰ ভাষা-সংস্কৃতিৰ লগত শীঘ্ৰে একাত্ম হোৱাৰ উপৰিও ভাৰতীয়সকলৰ নামেৰে অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ সকলো পক্ষক আহ্বান জনাই আলফাই৷ আনহাতে নীপকোৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰি অসম এৰাৰ ভাবুকি দিছিল সংগঠনটোৱে৷ নীপকোৰ বিৰুদ্ধে সামৰিক অভিযান চলোৱাৰ হুংকাৰ দিয়াৰ পাছতে তৎপৰ হৈ পৰে কেন্দ্ৰীয় গৃহ বিভাগ৷ আজি কেন্দ্ৰীয় গৃহ সচিব এল এছ চাংছন ৰাজ্যত উপস্থিত হৈ এন এইচ পি বিষয়া-কৰ্মচাৰীক অতিৰিক্ত নিৰাপত্তা দিয়াৰ লগতে সম্পূৰ্ণ সুৰক্ষা প্ব্যৰদানৰৱস্থা কৰা হ’ব বুলি কয় গৃহ সচিব গৰাকীয়ে৷ আনহাতে কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আলফাৰ এনে ধমকিত চৰকাৰ বিচলিত নহয় বুলি সদৰী কৰে।