
newsnextone.com | চাবুৱাঃ চুবুৰীয়া মেঘালয় চৰকাৰে যদি নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলও বুলি কেবিনেট সিদ্ধান্ত ল'ব পাৰে সৰ্বানন্দ সোণোৱালে কিয় লব নোৱাৰে। কিয় অসমীয়া জাতিক ধ্বংস কৰিব বিচাৰিছে সোণোৱালে। এনেদৰে ক্ষোভ ব্যক্ত কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যতেই প্ৰতিবাদ অব্যাহত থকাৰ সময়তে মুখ্যমন্ত্ৰীৰ জন্মস্থান চাবুৱাত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে চাবুৱা চাৰিআলিত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি শীঘ্ৰে বিধেয়ক বাতিলৰ দাবী জনায়৷
সংগঠনটোৰ চাবুৱা আঞ্চলিক সমিতিৰ সভাপতি ধনটি শইকীয়া আৰু সম্পাদক ৰাজীৱ দাসে প্ৰতিবাদত অংশ লৈ কয় যে প্ৰৱজনৰ ভয়াবহ আগ্ৰাসনত অসমৰ থলুৱা জাতি-জনগোষ্ঠীৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক ক্ষেত্ৰখনত অস্তিত্বৰ সংকট প্ৰকট হৈ পৰিছে। যাৰ বাবে অসমত প্ৰতিটো থলুৱা জাতি-জনগোষ্ঠীৰ মাজত এক ভয়াবহ পৰিস্থিতিৰ হোৱাৰ দিশে আগবাঢ়িছে৷
অসমত বহিৰাগতৰ অবাধ প্ৰব্ৰজনৰ ফলত অসমৰ ভাষা-সংস্কৃতি, নিযুক্তি, ভূমি আদিৰ ওপৰত নেতিবাচক পৰিবেশ সৃষ্টি হোৱাৰ লগতে নিজ ভূমিতে থলুৱা জাতি-জনগোষ্ঠী সমূহ সংখ্যলঘুত পৰিণত হ’ব ধৰিছে। এনেবিলাক সমস্যাৰ সমাধানৰ কথা চিন্তা নকৰি বৰ্তমান চৰকাৰখনে পুনৰ লাখ লাখ হিন্দু বাংলাদেশী নাগৰিকক ৰাজ্যখনত সংস্থাপনৰ বাবে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক গৃহিত কৰি অসমীয়া জাতিক বিদেশীৰ বোজা জাপি দিব বিচাৰি সংস্কৃতি-ভাষালৈ গভীৰ সংকট নমাই অনাৰ যি ষড়যন্ত্ৰ ৰচিছে ইয়াক আমি কোনোমতেই মানি নলও বুলি চৰকাৰক হুংকাৰ প্ৰদান কৰে।
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয়তাবাদী মহিলা পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ সভানেত্ৰী সুষমা মোহন, মানৱ অধিকাৰ সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু বহুকেইটা জনগোষ্ঠীয় সংগঠনে অংশগ্ৰহণ কৰে। সংগঠনটোৱে প্ৰতিবাদস্থলিৰ পৰা চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে চৰকাৰক স্মাৰক পত্ৰ প্ৰদান কৰে।