newsnextone.com | ডিব্ৰুগড়ঃ নাগৰিকত্ব সংশোধনী বিধেয়ক তথা বাংলাদেশৰ হিন্দু শৰণাৰ্থী অসমত সংস্থাপনৰ তীব্ৰ বিৰোধিতা কৰিছে অসমৰ দল-সংগঠন, সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক জ্যেষ্ঠ নাগৰিক, গায়ক অভিনেতা-অভিনেত্ৰীয়ে৷ সমাজৰ কোনো প্ৰকাৰৰ লোক প্ৰতিবাদ নকৰাকৈ থকা নাই৷ সকলোৱে সোচ্চাৰ হৈ পৰিছে বিজেপি চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে৷

মুঠৰ ওপৰত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ এতিয়া জ্বলিব ধৰিছে সমগ্ৰ ৰাজ্য৷ বিধেয়কখনৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদত নামিল মুখ্যমন্ত্রী গৃহ জিলাৰ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সমূহৰ লগতে লাহোৱালবাসীয়ে জোঁৰ সমদল উলিয়াই আৰু ১ ঘণ্টা পথ অৱৰোধ কৰি উত্তাল পৰিবেশৰ সৃষ্টি কৰে৷ বিধেয়কখন বাতিলৰ দাবীত বিভিন্ন শ্ল’গানে প্ৰতিবাদ সাবস্ত কৰে৷ 

সৰ্বানন্দ সোণোৱাল হায় হায়, মোডী চৰকাৰ হায় হায়, হিমন্তৰ দাদাগিৰী নচলিব, খেদ অ খেদ বাংলাদেশী খেদ, অসমবাসী ৰাইজ আজি জাগিছে, অসমৰ দল-সংগঠন জাগিছে, মটক যুৱ-ছাত্র পৰিষদ জিন্দাবাদ, সংখ্যালঘু ছাত্র সন্থা জিন্দাবাদ, মুছলিম যুৱ-পৰিষদ জিন্দাবাদ, ছাত্র মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ, কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ, অনুসূচিত জাতি সংযুক্ত মৰ্চা জিন্দাবাদ শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলে৷

প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম মটক যুৱ-ছাত্র পৰিষদ, সদৌ অসম সংখ্যালঘু ছাত্র সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্র মুক্তি সংগ্ৰাম সমিতি, মুছলিম যুৱ-পৰিষদ, অসম নৱনিৰ্মাণ সেনাৰ লগতে অনুসূচিত জাতি সংযুক্ত মৰ্চাই অংশগ্ৰহণ কৰে৷ 

জাতীয়-জনগোষ্ঠী সংগঠনৰ লগতে লাহোৱাল অঞ্চলৰ ৰাইজে জোঁৰ সমদল কাৰ্যসূচী আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে৷ চৰকাৰক ধিক্কাৰ দি এই আইন গৃহিত নকৰিবলৈ দাবী জনায়৷ ইয়াৰ পাছতে পূব ডিব্ৰুগড় ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে এখন স্মাৰকপত্ৰ প্ৰদান কৰে চৰকাৰক৷ 

কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে অসমৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত প্ৰতিজন অসমীয়াক ওলাই আহিবলৈ আহ্বান জনায় সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱা, সদৌ অসম সংখ্যালঘু ছাত্র সন্থাৰ উপদেষ্টা চফি অালম খান, ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলা সাধাৰণ সম্পাদক মাধুৰ্য বৰুৱা,  কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলা সভাপতি দীবন ফুকনে৷