
চাবুৱাঃ ৰাজ্য চৰকাৰৰ গড়কাপ্তানী বিভাগৰ চূড়ান্ত অৱহেলা পুনৰবাৰ স্পষ্ট হৈ পৰিল মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ চাবুৱা বিধান সভা সমষ্টিত৷ মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ চাবুৱা বিধান সভা সমষ্টিৰ অধিনৰ বহু পথ বছৰ বছৰ ধৰি এটা শিল নপৰাত ৰাইজে ব্যাপক সমস্যাত পৰি আহিছে।
পথ মেৰামতি নকৰাত জহি-খহি যাব আৰম্ভ কৰিছে সমষ্টিটোৰ টকৌবাম এলেকাৰ লোকে অহা-যোৱা কৰা একমাত্ৰ গড়কাপ্তানী পথটো। ২০১৩ চনতেই বিভাগে পথটো নিৰ্মাণৰ কাম আৰম্ভ কৰে যদিও আজিলৈকে সম্পূৰ্ণ নোহোৱাত বৃহস্পতিবাৰে জাঙুৰ খাই উঠে স্থানীয় ৰাইজ ।
১.২৩ কোটি টকাৰে নিৰ্মাণ হ'ব লগা পথটো নিৰ্মাণৰ ঠিকা লাভ কৰিছিল মানৱজ্যোতি গগৈ নামৰ ঠিকাদাৰগৰাকীয়ে । প্ৰথম অৱস্থাত ঠিকাদাৰে পথটোৰ নিৰ্মাণৰ কাম বিভাগীয় নীতি নীৰ্দেশনা মতে আৰম্ভ কৰে যদিও পিছত শিল পেলায়েই দায়িত্ব সামৰে। ইফালে, ২০১৩ চনতেই পথ নিৰ্মাণৰ কাম আৰম্ভ কৰি আজিলৈকে নিৰ্মান কাৰ্য সম্পূৰ্ণ নহল বুলি স্থানীয় ৰাইজে ক্ষোভ উজাৰে।
ফলত পথছোৱা খলা-বমা হৈ পৰাৰ বাবে সাধাৰণ ৰাইজৰ লগতে বিদ্যালয়লৈ অহা-যোৱা ছাত্ৰ- ছাত্ৰীসকলে যথেষ্ঠ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে । স্থানীয় বিধায়ক, ডিব্ৰুগড় জিলাৰ উপায়ুক্ত, সংশ্লিষ্ট বিভাগk ৰাইজে বহুবাৰ পথটো নিৰ্মাণৰ বাবে দাবী জনায় আহিছে যদিও গুৰুত্ব আৰোপ কৰা দেথা নাযায়। ফলত পথটো বৃহস্পতিবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ গধুৰ যান-বাহন চলাচল বন্ধ কৰি অৱৰোধ কৰে স্থানীয় ৰাইজে। যান-বাহন অৱৰোধ কৰাত অঞ্চলটোত থকা অইল ইণ্ডিয়াৰ খাদ সমূহ বন্ধ হৈ পৰে।