চাবুৱাঃ দেশক পৰিস্কাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বচ্ছ ভাৰত অভিযান আঁচনি ৰূপায়ণ কৰিছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে খোদ ৰাজ পথত ঝাড়ু মাৰি দেশবাসীক মেচেজ দিছিল দেশ পৰিস্কাৰ কৰাৰ৷ তাৰ পিছতে দেশত কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈকে, মন্ত্ৰী-আমোলাৰ পৰা বিধায়কলৈ সকলোৱে সময়ে সময়ে স্বচ্ছ ভাৰত অভিযান মিছনৰ নামত হাতত ঝাড়ু লোৱা দেখা যায়৷

তাৰ মাজতে একাংশ  লোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযান মিছনক শ্ল'গান তথা বেনাৰ পোষ্টাৰতে সীমাবদ্ধ কৰি ৰখা পৰিলক্ষিত হৈছে৷ ৰাজ কোষৰ কোটি কোটি টকা খৰছ কৰা সময়তে ডিব্ৰুগড় জিলাৰ চাবুৱা নগৰৰ মাজমজিয়াৰ কদৰ্য অৱস্থাই সচেতন মহলক চিন্তিত কৰি তুলিছে।

চাবুৱা চাৰিআলি সমীপতে ৰে'ল বিভাগৰ মাটিত ৰে'ল বিভাগৰ চুড়ান্ত অৱহেলা আৰু হেমাহিৰ বাবে এতিয়া প্ৰস্ৰাৱৰ গোন্ধত সাধাৰণ মানুহৰ লগতে যাত্ৰী সকলে ৰে'ল ষ্টেছনলৈ অহা যোৱা কৰা লোকসকলে মুখত হাত দি আহ-যাহ কৰিব লগা হয়।

সমীপৰ দোকানীসকলে গোন্ধত ব্যৱসায় বাণিজ্য বন্ধ কৰিবলগীয়া পৰিবেশৰ সৃষ্টি হৈছে। ব্যৱসায়ী স্থানীয় লোকসকল বাৰম্বাৰ ৰে'ল বিভাগক অভিযোগ দি অহা পিছতো পৰিস্কাৰ কৰাৰ বাবে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে। চাবুৱাৰ সচেতন ৰাইজে শীঘ্ৰে প্ৰশাসনক পৰিস্কাৰ কৰাৰ দাবী জনায়৷