newsnextone.com | কোকৰাঝাৰঃ ৰাষ্ট্ৰীয় জনজাতি আয়োগৰ চমুকৈ এনচিএছটিৰ অধ্যক্ষ নান্দ কুমাৰ শ্বাইৰ নেতৃত্বত বুধবাৰে আয়োগৰ এটি নজনীয়া সঁজাতি দলে কোকৰাঝাৰ জিলাৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰি কেন্দ্ৰীয় চৰকাৰৰ ধনেৰে ৰূপায়ন কৰা আঁচনিসমূহৰ বুজ লয়। ৰাষ্ট্ৰীয় জনজাতি আয়োগৰ দলটোৱে কোকৰাঝাৰত উপস্থিত হৈ জিলা খনৰ অন্তৰ্গত বিভিন্ন বিভাগীয় প্ৰতিষ্ঠানৰ আন্তঃগাঁথনিৰ বুজ লোৱাৰ উপৰিও বালাজান তিনালীস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি, বালাগাঁওস্থিত কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (চিআইটি), পাটগাঁওস্থিত কে জি বি কে বিদ্যালয়, চিম্বৰগাঁৱৰ ৰাজ্যিক চিকিৎসালয়, পানী যোগান আঁচনি আৰু দেৱৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি আন্তঃগাঁথনিৰ বুজ লয়। 

পৰিদৰ্শনৰ অন্তত কোকৰাঝাৰ আৱৰ্ত ভৱনত বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ৰাজীৱ ব্ৰহ্ম, দনেশ্বৰ গয়াৰী, জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষ সহ বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় অধ্যক্ষ নন্দ কুমাৰ শ্বাই। বৈঠকৰ অন্তত সংবাদমাধ্যমৰ আগত অধ্যক্ষ নন্দ কুমাৰ শ্বাই বিভিন্ন শিক্ষানুষ্ঠানত জনজাতীয় ছাত্ৰ-ছাত্ৰীয়ে ছাত্ৰবৃত্তি নোপোৱাত ক্ষোভ প্ৰকাশ কৰি বিষয়টো সন্দৰ্ভত আয়োগে পৰ্যালোচনা কৰিব বুলি সদৰি কৰিছে। 

তদুপৰি স্বায়ত্বশাসিত এলেকাত জনজাতিৰ ভূমি অজনজাতিয়ে হস্তগত কৰা বিষয়টোৰ ওপৰতো আয়োগে উদ্বেগ প্ৰকাশ কৰি আৰু নিদিষ্ট লিখিত অভিযোগ আয়োগে লাভ কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সদৰি কৰে। জনজাতিৰ উন্নয়নৰ বাবে শিক্ষা আৰু কৃষিক সৰ্বাধিক গুৰুত্ব আৰোপ কৰাৰ হকেও আয়োগে মত প্ৰকাশ কৰি বেকলগ পদ সমূহ পুৰণ কৰাৰ সপক্ষেও মন্তব্য আগবঢ়াইছে। 

ৰাষ্ট্ৰীয় জনজাতি আয়োগৰ অধ্যক্ষ নন্দ কুমাৰ শ্বাইৰ কোকৰাঝাৰ পৰিভ্ৰমণত সংগ দিয়ে আয়োগৰ উপ অধ্যক্ষ অনুচুইয়া উইকী, সদস্য হৰশ্বৎভাই চুনিলাল ভাছানা, হৰি কৃষ্ণ ডামৰ, মায়া চিন্তামিন ইনভেৎ, যুটীয়া সম্পাদক শীশিৰ কুমাৰ ৰাথোৰ, উপ সম্পাদক পি টি জ্যামাচুট্টি, সহযোগী সঞ্চালক এছ পি মীনা আৰু অধ্যক্ষৰ উপদেষ্টা সত্যদেউ শৰ্মাই। আনহাতে সঁজাতি দলক সহযোগ কৰে কোকৰাঝাৰ জিলাৰ উপাযুক্ত নিৰঞ্জন বৰুৱা, আৰক্ষী অধীক্ষক ৰাজেন সিং আৰু বিভিন্ন বিভাগীয় মুৰব্বী বিষয়া তথা উচ্চ পদস্ত বিষয়াসকলে। উল্লেখ্য যে, বৃহস্পতিবাৰে ৩১ মে’ত ৰাষ্ট্ৰীয় জনজাতি আয়োগৰ দলটোৱে চিৰাং জিলা পৰিভ্ৰমণ কৰিব।