গুৱাহাটীঃ প্ৰাক্তন মন্ত্ৰী চন্দন সৰকাৰৰ দেহাৱসান। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় বিধায়ক গৰাকীয়ে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৫ বছৰ৷ 

দেহৰ অৱনতি ঘটাৰ ফলত বঙাইগাঁও ল’ৱাৰ আছাম হাস্পতালত ভৰ্তি কৰোৱাৰ পাছতেই সোমবাৰে পুৱা ৪ বজাত অকাল মৃত্যুক সাৱটি লয় সৰকাৰে৷

দক্ষিণ অভয়াপুৰী সমষ্টিৰপৰা নিৰ্বাচিত বিধায়কগৰাকী তৰুন গগৈ মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী আছিল৷ কংগ্ৰেছৰ আমোলত ভূমি সংৰক্ষণ আৰু জলসিঞ্চন বিভাগৰো মন্ত্ৰী আছিল সৰকাৰ৷

তেওঁৰ মৃত্যুত কংগ্ৰেছ পৰিয়ালৰ লগতে শোকস্তব্ধ সমগ্ৰ অসমবাসী৷ লগতে কংগ্ৰেছৰ বঙাইগাঁও জিলা সভাপতি শংকৰ প্ৰসাদ ৰায়য়ে গভীৰ শোক প্ৰকাশ কৰে ৷

অসম আন্দোলন তথা দলৰ দুৰ্বল সময়তো সংগ এৰি নিদিয়া নেতা গৰাকী পঞ্চায়ত নিৰ্বাচনতো সক্ৰিয় ভূমিকা প্ৰদান কৰিছিল৷

মৃত্যুৰ আগ মূহুৰ্তলৈকে পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে প্ৰায় সদায় ফোনত কথা পাতিছিল বুলিও জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই৷

নিষ্ঠাৱান কংগ্ৰেছ কৰ্মীগৰাকীৰ অকাল বিয়োগ কংগ্ৰেছৰ বাবে এক অপূৰণীয় ক্ষতি বুলি বিবেচিত হৈছে৷