বালিপৰাঃ ৰাজ্য তথা চুবৰীয়া ৰাজ্যৰ পাহাৰ-জংঘলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি অহা বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ৰাজ্যত আজিও অব্যাহত আছে৷ যাৰ ফলত মানুহৰ খেতি-বাতি, ঘৰ-বৰ নষ্ট কৰাৰ লগতে বহু মানুহক হত্যা পৰ্যন্ত কৰি আহিছে হাতীয়ে৷ আনহাতে মানুহৰ হাততো হাতীৰ প্ৰাণ গৈছে৷

যোৱা ২৪ ঘন্টাত ৰাজ্যত এটি হাতী পোৱালী উদ্ধাৰৰ লগতে প্ৰায় চাৰিটা হাতীৰ মৃত্যু হৈছে৷ আনহাতে তিনিজন লোকৰ মৃত্যু হৈছে৷ গুৱাহাটী মহানগৰীৰ সমীপৰ ৰাণীত ২১ বছৰীয়া অমৰ বড়ো নামৰ যুৱক এজনক হাতীয়ে হত্যা কৰাৰ লগতে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ ৰাজবংশী ৰাম আৰু বুধু কুৰ্মী নামৰ লোকজনৰ মৃত্যু হয়৷

গোৱালপাৰা জিলাৰ ৰংজুলি বনাঞ্চলৰ অন্তৰ্গত ছাটাবাৰি গাঁৱৰ সমীপৰ ধান খেতিৰ পথাৰত এটি বনৰীয়া হাতীৰ মৃত্যু হয়৷ বৃহস্পতিবাৰে পুৱা ৰংজুলি বনাঞ্চলৰ অন্তৰ্গত ছাটাবাৰি গাঁৱৰ খেতিপথাৰত মাইকী হাতীটো পৰি থকা প্ৰত্যক্ষ কৰে ৰাইজে৷ নগাঁও জিলাৰ চামগুৰিৰ কাজিৰঙাত নিশা আন এটি বন্যহস্তীৰ মৃত্যু হয়৷ তাৰ মাজতে শোণিতপুৰ জিলাত চাৰিদুৱাৰৰ গৰমাৰাত বনৰীয়া হাতীৰ আক্ৰমণত ৰাজবংশী ৰাম নামৰ লোক এজনৰ মৃত্যু হয়৷

পুৱতি নিশা ৰাজবংশী ৰাম নামৰ লোকজনে নিজগৃহলৈ অাহি থকাৰ সময়তে বনৰীয়া হাতীৰ জাকৰ সন্মুখত পৰে৷ লোকজনক হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটি হাতীয়ে হত্যা কৰা বুলি সন্দেহ কৰে ৰাইজে৷ আনহাতে অন্যহাতে শোণিতপুৰৰ ৰঙাপৰাৰ হাতীবাৰি চাহবাগিচাত বনৰীয়া হাতীৰ অাক্ৰমনত গুৰুতৰ ভাবে নিহত হয় হাতীবাৰি চাহবাগিচাৰ ৬নং লাইনৰ বুধু কুৰ্মী।

স্থানীয় ৰাইজে চাৰিদুৱাৰ বনবিভাগৰ লোকক খবৰ দিয়ে যদিও বনবিভাগৰ লোক উপস্থিত হোৱা নাই বুলি অভিযোগ উত্থাপন কৰে। বিগত বহু দিন ধৰি এজাক বনৰীয়া হাতীয়ে বিঘাই বিঘাই ধাননি পথাৰ খায় গচকি নষ্ট কৰাৰ লগতে বহুলোকৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰি আহিছে৷ ইমানৰ পিছতো বনবিভাগৰ লোকে হাতীৰ জাকটোক খেদি পঠিওৱাৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷