ডিজিটেল ডেস্ক |বিলাসীপাৰাঃ শেহতীয়াকৈ ২০১৬ নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ইতিমধ্যে অসমৰ বিজেপি চৰকাৰে পাৰ্লিয়ামেন্টত পাছ কৰাৰ বাবে যি প্ৰস্তুতি চলাইছে তাৰ প্ৰতিবাদে ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যৌথ উদ্যোগত আজি ৰাতিপুৱা ১১ বজাত বিলাসীপাৰা গান্ধী চকত অসমৰ জাতীয় নায়ক তথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ’ বেক গ’ বেক আদি শ্ল গানেৰে উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে। 

পাছত বিলাসীপাৰা আৰক্ষী চকীৰ আৰক্ষী বিষয়াই আহি প্ৰতিবাদকাৰী সকলৰ লগতে ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক দেলোৱাৰ হুছেইনক বাধা প্ৰদান কৰি লাঠি চালনা কৰে। আৰক্ষীৰ এনে কাৰ্য্যক গৰিহণা দিয়াৰ লগতে আৰক্ষী প্ৰশাসনে অনাগত দিনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীৰ লগত অসৎ ব্যবহাৰ কৰিলে আৰক্ষীৰ বিৰুদ্ধে গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন গঢ়ি তুলিব বুলি ধুবুৰী জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক নাজিমুল হকে জানিবলৈ দিয়ে৷

লগতে নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা লৈকে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আন্দোলন চলাই যাব বুলি চৰকাৰক সকিয়াই দিয়ে। তেওঁ আৰু কয় যে প্ৰয়োজন সাপেক্ষে বৃহত্বৰ অসমীয়া জাতিৰ স্বাৰ্থত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিজন কৰ্মীয়ে জীৱন দিয়াৰ বাবে বাধ্য হ’ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। 

উল্লেখ্য যে ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক নাজিমুল হক, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি নাজিৰ হুছেইন, উপ-সভাপতি  ছফিকুল ইছলাম আৰু সম্পাদক দেলোৱাৰ হুছেইনৰ নেতৃত্বত ডেৰ শতাধিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য ই উপস্থিত থাকি অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতিমূৰ্তি দাহ কৰি ২০১৬ নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো পধ্যেই পাছ কৰিবলৈ দিয়া নহ'ব বুলি দৃঢ় প্ৰতিজ্ঞা কৰে।