মুকালমুৱাঃ পুঠিমাৰী নৈত আজি এটি প্ৰায় তিনি-চাৰি বছৰীয়া শিশুৰ মৃতদেহ উটি অহাত কামৰূপ জিলাৰ হাজোৰ বৰছলিত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

জানিব পৰা মতে হাজোৰ বৰছলি ১নং ভেলকৰ গাঁৱৰ মাজেৰে বৈ যোৱা পুঠিমাৰী নদীত শিশুটোৰ মৃতদেহ একাংশ লোকে প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে যদিও শিশুটোক চিনাক্ত কৰিব পৰা নাই৷

লৰা সন্তনটোক বাঢ়নী পানীয়ে উটুৱাই অনাৰ সন্দেহ কৰিছে স্থানীয় লোকে৷ স্থানীয় ৰাইজে শিশুটোক হাজোৰে বৰুৱাবাৰী নতুবা কুৱাৰঘাট অঞ্চলৰ বুলি সন্দেহ কৰে।