12
Sep
2017

বাহাকাবাৰীঃ কামপুৰৰ বগলাজানৰ উজনি খণ্ডত আজি পুৱাই সংঘটিত হ’ল এক কৰুণ ঘটনা৷ পুখুৰীত শিশুৰ মৃতদেহ উদ্ধাৰক লৈ সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়৷ জানিব পৰা মতে, সোমবাৰে বিয়লিৰ ভাগত মুন হীৰা নামৰ শিশুটি নিখোজ হৈছিল৷
শিশুটি নিখোজ হোৱাৰ পাছতেই পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ আৰম্ভ কৰে যদিও শিশুটিৰ সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাছিল৷ আজি পুৱা স্থানীয় লোকে শিশুটিৰ মৃতদেহটো ঘৰৰ কাষৰ পুখুৰীত উপঙি থকা প্ৰত্যক্ষ কৰে৷ লগে লগে পৰিয়াল আৰু সমগ্ৰ অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷
স্থানীয় লোকে শিশুটি মাছ মাৰিব গৈ পুখুৰীত পৰাত মৃত্যু ঘটা বুলি সন্দেহ প্ৰকাশ কৰিছে৷ ইতিমধ্যে ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰোণোত্ত পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷