
লংকাঃ জীৱনৰ সপোন দেখি এতিয়া সময় পাৰ কৰিছে পৰিস্মিতাই৷ ওঁঠত অভিমান সানি বকুলৰ মালা গাঁথা বয়সত তাই এতিয়া নিৰ্লিপ্ত হৈ পৰিবলগীয়া হৈছে৷ কিয়নো হোজাই জিলাৰ অন্তৰ্গত ২ নং কাকীৰ দেউবালী গাঁৱৰ পিতৃহাৰা পৰিস্মিতা আক্ৰান্ত হৈ আছে দূৰাৰোগ্য কেঞ্চাৰ ৰোগত৷ দেউবালী গাঁৱৰ কাকী আদৰ্শ মডেল হাইস্কুলৰ ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ এই ৰোগে এতিয়া জীয়াতু ভোগাইছে৷ পখিলা খেদি ফুৰা বয়সতে কণমানিজনী কেঞ্চাৰ ৰোগত আগত আক্ৰান্ত হোৱাত জীৱনলৈ নামি আহিছে কাল অমানিশা৷
আনহাতে পুৰুষহীন পৰিয়ালটোৰ আৰ্থিক দূৰাৱস্থাই পৰিয়ালটোলৈও নমাই আনিছে এন্ধাৰ৷ ১১ বছৰীয়া পৰিস্মিতাৰ চিকিৎসাৰ বাবে পৰিয়ালটোৰ হাতত নাই অৰ্থ৷ বিংগ হিউমেন বিংগ নামৰ কাকীৰ এটা স্বেচ্ছাসেৱী সংগঠনে পৰিয়ালটোক কিছু পৰিমাণে সহায়ৰ বাবে ব্যৱস্থা কৰিছে যদিও সেয়া ছাত্ৰী গৰাকীৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত নহয়৷ আনহাতে জীৱন-মৃত্যুৰ সতে খেলি থকা কণমানি পৰিস্মিতাৰ জীৱন ৰক্ষাৰ বাবে এতিয়া দৰিদ্ৰ মাতৃয়ে ৰাইজৰ পৰা সহায় বিছাৰিব লগীয়া হৈছে৷
তেনেই দৰিদ্ৰ পৰিয়ালটোৰ এগৰাকী মৰমলগা কণমানি এনেদৰে এটা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাত বিভিন্নজলে ছচিয়েল মিডিয়াৰ যোগেদি ছোৱালীজনীৰ সহায়ৰ অনুৰোধ কৰিছে৷ কণমানি ছোৱালীজনীৰ জীৱন ৰক্ষাৰ বাবে সকলোৱে সহায় কৰক, তাকেই কামনা কৰিছে পৰিস্মিতাৰ মাতৃয়েও৷ ৯৬৭৮৭০৪৫৭৮, ৭৮৯৬৮২২১৯৯ নম্বৰত যোগাযোগ কৰি সদাশয় ব্যক্তিয়ে পৰিস্মিতাক সহায়ৰ হাত আগবঢ়াব পাৰে৷