নগাঁওঃ  অহা ৩১ অক্টোবৰৰ  পৰা নগাঁৱত অনুষ্ঠিত হ'ব উত্তৰ-পূৱ শিশু গ্ৰন্থমেলা । উত্তৰ-পূৱ শিশু গ্ৰন্থমেলা সমিতি আৰু নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ষষ্ঠ বৰ্ষৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই গ্ৰন্থমেলাৰ দেওবাৰে লাইখুঁটা স্থাপন কৰা হয় । বহু কেইগৰাকী সাহিত্যানুৰাগীৰ উপস্থিতিত লাইখুঁটা স্থাপন কৰে নগাঁও জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুয়ে । 
নগাঁৱৰ নেহৰুবালিৰ প্ৰদীপ শইকীয়া ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া এই গ্ৰন্থমেলাৰ ৭ নবেম্বৰত সামৰণি পৰিব । শতাধিক গ্ৰন্থ বিপণী আৰু প্ৰকাশন প্ৰতিষ্ঠানে অংশ ল'বলগীয়া এই গ্ৰন্থমেলাৰ সমূহ  কাৰ্যসূচীতে ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে ।
নগাঁওৰ পৰা জয়ন্ত মুদৈ