
শোণিতপুৰঃ শোণিতপুৰ জিলাৰ গাভৰু শিক্ষাখণ্ডৰ পতিয়াপুখুৰী প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস পালন কৰা হয়।
শিশু দিৱসৰ কাৰ্যসূচীত বিশিষ্ট শিক্ষাবিদ উলুবাৰী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, সৰ্বশিক্ষাৰ খণ্ড সমল বিষয়া পংকজ দেৱৰয়ে উপস্থিত থাকি শিক্ষাৰ উদ্দেশ্যে হ’ব লাগে মানুহ গঢ়াৰ, প্ৰকৃত প্ৰতিভা চিনাক্ত কৰাৰ বাবে বুলি কয়। বিদ্যালয় হৈছে উৎকৃষ্ট মঞ্চ।
"প্ৰথম এডুকেচন ফাউণ্ডেছন" নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সহযোগ স্থানীয় ৫খনকৈ প্ৰাথমিক বিদ্যালয়ক সামৰি উদযাপন কৰা শিশু দিৱসৰ দিনটোত পণ্ডিত নেহেৰুৰ ফটোত পুষ্পাঞ্জলি জ্ঞাপন কৰে ছাত্ৰ-ছাত্ৰী, শিক্ষকে৷
পতিয়া পুখুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বদন কেওঁটে আঁত ধৰা অনুষ্ঠানটোত বিদ্যালয়খনৰ সহঃ শিক্ষক জ্যোতিৰ্ময় বৰাৰ তত্বাৱধানত প্ৰকাশ কৰি উলিওৱা "অকণিৰ ফুলনী" নামৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে শিক্ষাবিদ পংকজ দেৱ ৰয়ে৷
বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা অৱসৰ প্ৰাপ্ত শিক্ষক ডম্বৰুধৰ শইকীয়া, স্থানীয় অৱসৰ প্ৰপ্ত শিক্ষক নবীন চন্দ্ৰ নাথ, সংবাদসেৱী দুষ্মন্ত শৰ্মাৰ লগতে অন্যান্য বিদ্যালয় কেইখনৰ প্ৰধান শিক্ষক শশধৰ নাথ, শৰৎ কেওঁট, সোণালী দেৱী উপস্থিত থাকে।