03
Oct
2017

thinglink
বিহালীঃ ৰাজ্যৰ পুনৰ সক্ৰিয় হৈ পৰিছে চোৰাং চিকাৰী৷ নিশাৰ অন্ধকাৰৰ সুযোগ লৈ বনাঞ্চলত প্ৰৱেশ কৰি চোৰাং ভাৱে জীৱ-জন্তু নিধন কৰা ঘটনা প্ৰায়েই সংঘটিত হৈ আহিছে৷
শেহতীয়াকৈ এনে চোৰাং চিকাৰ কৰিবলৈ সাজু হোৱা দুজন চোৰাং চিকাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷
বিহালীৰ বাঘমাৰীত সোমবাৰে নিশা চতিয়া আৰু জিনজিয়া আৰক্ষীৰ অতৰ্কিত যুটীয়া অভিযানত জহিৰ আলি আৰু নাদেৰ আলি নামৰ দুধৰ্ষ চোৰাং চিকাৰী দুজন আটক হয়৷
চোৰাং চিকাৰী দুজনৰ পৰা আৰক্ষীয়ে এটা ৰাইফল আৰু ৫ জাঁই সজীৱ গুলী উদ্ধাৰ কৰে৷