বটদ্ৰৱাঃ নগাঁও জিলাৰ অগ্ৰনী শিক্ষানুষ্ঠান খ্ৰীষ্টজ্যোতি স্কুলত বৃহস্পতিবাৰে ২০১৭ বৰ্ষৰ অভিভাৱক দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়৷ বিয়লি ৪ বজাত স্বৰস্বতী বন্দনা, বন্তি প্ৰজ্বলনেৰে কাৰ্যসুচীৰ শুভাৰম্ভ কৰে স্থানীয় বিধায়ক ৰূপক শৰ্মাই৷ কাৰ্যসুচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জিলা উপায়ুক্ত চমচেৰ সিঙে৷

শতাধিক নিমন্ত্ৰিত অতিথি, সহস্ৰাধিক অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীক সম্বোধন কৰি নগাঁও জিলা উপায়ুক্তই নগাঁও খ্ৰীষ্টজ্যোতিৰ লগতে বিদ্যালয়সমূহক 'সূৰ্য দেৱতা'ৰ স'তে তুলনা কৰি সকলো সময়তে জ্ঞানৰ পোহৰ বিলাই শ্ৰেষ্ঠ মানৱসম্পদ গঢ় দিয়াত ব্ৰতী হৈ থকা বুলি উল্লেখ কৰে৷

বিধায়ক ৰূপক শৰ্মাই নগাঁও খ্ৰীষ্টজ্যোতি স্কুলৰ বৰ্ণীল ইতিহাস সোৱঁৰণ কৰি সকলো ক্ষেত্ৰতে ৰাজ্যখনৰ ভিতৰতে এখন শ্ৰেষ্ঠ বিদ্যালয় হিচাপে চিহ্নিত হৈ জিলাখনৰ গৌৰৱ কঢ়িয়াই আনিছে বুলি কয়৷ সভাত বিদ্যালয় কৰ্তৃপক্ষই বিগত বৰ্ষৰ শিক্ষাসম্পৰ্কীয় খতিয়ান ডাঙি ধৰে৷ ইয়াৰ পাছতেই ছাত্ৰ-ছাত্ৰীসকলে বৰ্নাঢ্য তথা বৰ্ণীল সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি সকলোৰে ভূয়ষী প্ৰশংসা বুটলিবলৈ সক্ষম হয়৷ অনুষ্ঠানত বিগত বৰ্ষত বিদ্যালয়খনৰ প্ৰতিটো শ্ৰেনীৰ প্ৰথম স্থান প্ৰাপ্ত শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱকসকলক ফুলাম গামোছাৰে সম্বৰ্দ্ধনা জ্ঞাপণ কৰে বিদ্য়ালয় কৰ্তৃপক্ষই।