উৰিয়ামঘাটঃ চুতীয়া জনগোষ্ঠীৰ একমাত্ৰ জাতিয় সংগঠন চুতীয়া ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ ধনশিৰি মহকুমাৰ চুঙাজানত দেওবাৰে এখন সভা অনুষ্ঠিত হৈ যায়৷

সংগঠনটোৰ গোলাঘাট জিলা সমিতিৰ উপ-সভাপতি বোধেন বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত চুঙাজান অাঞ্চলিক সমিতি গঠন কৰা হয়।

বিপ্লৱ হাজৰীকাক সভাপতি, নৱ বৰাক সম্পাদক, ৰিদিপ শইকীয়াক কাৰ্যকৰী সভাপতি হিচাপে লৈ ২১ জনীয়া সমিতি গঠন কৰা হয়৷