
চিচিবৰগাঁওঃ ধেমাজি জিলাৰ বৃহত্তৰ চিচিবৰগাঁও অঞ্চলত ১৯৬৭ চনত স্থাপন কৰা চিচিবৰগাঁও আৰক্ষী চকী ৫০টা বছৰ অতিক্ৰম কৰাৰ পাছতো পূৰ্ণ থানালৈ উন্নীতকৰণ নোহোৱাত ক্ষোভিত হৈ পৰিছে ৰাইজ৷
চিচিবৰগাঁও আঞ্চলিক ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি চিচিবৰগাঁও আঞ্চলিক সমিতিয়ে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি শীঘ্ৰে চিচিবৰগাঁও আৰক্ষী চকী থানালৈ উন্নীত কৰাৰ দাবী জনায়৷
আঠখন গাঁও পঞ্চায়তৰ একমাত্ৰ আৰক্ষী চকী খনৰ নতুন গৃহ উদ্বোধনৰ সময়ত ধেমাজি জিলা পৰিষদৰ তদানীন্তন সভাপতি প্ৰয়াত নগেন্দ্ৰনাথ চুতীয়া আৰু ধেমাজি জিলা সাংবাদিক সংস্থাৰ কাৰ্যকৰী সভাপতি মৃদুপৱন চুতীয়াই উদ্বোধক তথা উত্তৰ অসমৰ আৰক্ষী উপ-মহাপৰিদৰ্শক এছ এন সিঙক স্মাৰক পত্ৰ প্ৰেৰণ কৰি চকীখনক থানালৈ উন্নীত কৰাৰ দাবী জনায়।
চিচিবৰগাঁও আৰক্ষী চকীৰ পূৰ্বৰ নামফলক সলনি কৰি চিচিবৰগাঁও আৰক্ষী থানা বুলি ২০১৩ বৰ্ষত লিখা হৈছিল যদিও বৰ্তমানেও ৰহস্যজনক ভাবে চিচিবৰগাঁও আৰক্ষী চকী থানা উন্নীত নহল। আনহাতে জিলাখনত আন আন চকী জোনাই, চিলাপথাৰ, গেৰুকামুখ, গোগামুখ, চিমেন চাপৰি, চেঙাজান আদি থানালৈ উন্নীত হ’ল কিন্তু বাদ পৰি ৰ'ল চিচিবৰগাঁও আৰক্ষী চকী৷ বিজেপি চৰকাৰে ধেমাজি জিলাৰ চিচিবৰগাঁওৰ আৰক্ষী চকীক থানালৈ উন্নীত কৰিবনে পৰৱৰ্তী সময়ত সেয়া লক্ষণীয় হ’ব।