22
Oct
2018

শিৱসাগৰঃ নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ২৩ অক্টোবৰত ৪৪ টা জাতীয় সংগঠনে যি ১২ ঘণ্টীয়া অসম বন্ধৰ ঘোষণা কৰিছে সেই বন্ধক সদৌ অসম কৈৱৰ্ত্ত ছাত্ৰ সন্থাই পূৰ্ণ সমৰ্থন কৰিছে । সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰবি কাশ্যপে আজি কাকতলৈ প্রেৰণ কৰা এক প্রেছ বিবৃতিত এই কথা উল্লেখ কৰি কয় যে, কৈৱত্ত ছাত্ৰ সন্থাই পূর্বৰ পৰাই নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ বিৰোধিতা কৰি আহিছে । ইতিমধ্যে ২৩ অক্টোবৰ বন্ধলৈ কৈবর্ত্ত ছাত্ৰ সন্থাই পূৰ্ণ সমৰ্থন জনাই অসমৰ কৈৱর্ত্ত জনগোষ্ঠীৰ অধূর্ষিত অঞ্চলত এই বন্ধ সফল কৰিবলৈ জোৰদাৰ প্ৰচেষ্টা হাতত লোৱা বুলি সংগঠনটোৱে জানিবলৈ দিছে৷