ফটোঃ সুপ্রকাশ তালুকদাৰ
ফটোঃ সুপ্রকাশ তালুকদাৰ

গোলাঘাটঃ অসমৰ ৰাইজৰ জনমতক উপেক্ষা কৰি বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ সংসদৰ বৰ্ষাকালীন অধিৱেশনত উত্থাপন কৰাৰ যোজা চলোৱাত ভাৰতৰ ছাত্ৰ ফেডাৰেছনে তীব্ৰ প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰে।

কেন্দ্ৰীয় চৰকাৰে অসমীয়া মানুহৰ আৱেগ, অনুভুতিক কুঠাৰাঘাট কৰি বিধেয়কখন উত্থাপনৰ যো-জা চলোৱাত নিখিল ভাৰত ছাত্ৰ ফেডাৰেছনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

এআইএছএফৰ গোলাঘাট জিলা সমিতিৰ সভাপতি বিতোপন গগৈয়ে বিজেপি চৰকাৰে অসমৰ জনসাধৰণক লোক শুনানিৰ আঁভুৱা ভাৰি এই বিধেয়ক গৃহিত কৰি জাতি-মাটি-ভেটিৰ অস্তিত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰা বুলি কয়।

এটি বিশেষ ধৰ্মাৱলম্বী বিদেশীক অসমত সংস্থাপন কৰাৰ ষড়যন্ত্র কৰিছে বুলি কৈ সংগঠনটোৱে বিধেয়ক সন্দৰ্ভত গঠিত সংসদীয় যুটীয়া সমিতিয়ে অসমৰ জনসাধাৰণক মত গ্ৰহণৰ দিন ঘোষণা কৰি মত নোলোৱাকৈয়ে গৃহীত কৰিব বিচাৰিছে বুলি অভিোগ উত্থাপন কৰে।

এই ক্ষেত্রত সংসদীয় যুটীয়া সমিতিত থকা অসমৰ কংগ্ৰেছী কেইজনৰ স্থিতিও সন্দেহজনক। এসময়ত বিদেশী খেদা আন্দোলন কৰা বৰ্তমান বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ মন্ত্রী-বিধায়কসকলে বিদেশীৰ পক্ষত থিয় দি অসমবাসীক চৰম প্ৰতাৰণা কৰিছে।

বিধেয়কখন কেতিয়াও গৃহীত কৰিবলৈ দিয়া নহ'ব আৰু ধৰ্ম নিৰ্বিশেষে সকলো বিদেশীক অসমৰ পৰা বহিষ্কাৰ কৰিব লাগিব বুলি দাবী কৰিছে সংগঠনটোৱে।