
আজাৰাঃ দেশ তথা ৰাজ্যৰ চৰকাৰে মূল্য বৃদ্ধি ৰোধ কৰিব নোৱৰাৰ লগতে শ্ৰমিক আৰু কৃষকক শোষণ-বঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰি বুধবাৰে কেইবাটাও সংগঠনে গুৱাহাটী মহানগৰীৰ পলাশবাৰীৰ ৰাজপথ উত্তাল কৰে৷ চেন্টাৰ অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়ন, অসম ৰাজ্যিক কৃষক সভা, ডি ৱাই এছ এফ আৰু এছ এফ আইয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
কাৰ স্বাৰ্থত বিজেপি চৰকাৰে মূল্য বৃদ্ধি কৰিছে তাৰ উত্তৰ বিছাৰি সংগঠনকেইটাই বিজয়নগৰৰ বাটৰহাটৰ চিটুৰ কাৰ্যালয়ৰ পৰা ৩৭নং ৰাষ্ট্ৰীয় পথেৰে বিজয়নগৰ বজাৰ হৈ পলাশবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয় অভিমুখে ৰাওনা হয়৷ দুই শতাধিক পুৰুষ-মহিলা, শ্ৰমিক, কৃষকক লগত লৈ লাল পতাকা, বেনাৰ, ফেষ্টুন লৈ সমদল কৰি আকাশ বতাহ কপাই তোলে।
বিজেপি চৰকাৰে কাৰ স্বাৰ্থত মূল্য বৃদ্ধি কৰিছে তাৰ জবাব দিয়ক, শ্ৰমিক-কৃষকক বঞ্চনা বন্ধ কৰক, মূল্য বৃদ্ধি ৰোধ কৰক, ৰাজপাটত বহা বিজেপি চৰকাৰ মুৰ্দাবাদ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, সাংসদ বিজয়া চক্ৰৱৰ্তী মুৰ্দাবাদ, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য হ্ৰাস কৰক, ৰন্ধন গেছৰ মূল্য বৃদ্ধি ৰোধ কৰক আদি শ্ল’গান দি ৰাষ্ট্ৰীয় পথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
সমদল পলাশবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰায় আধা ঘন্টা সময় ঘেৰাও কৰি পুনৰ মাইক যোগে বিভিন্ন শ্লোগান দিয়া আৰম্ভ কৰে। অৱশ্যে সেই সময়ত কাৰ্যালয়ত থকা ৰাজহ চক্ৰ বিষয়া সুস্বপ্না কাকতিয়ে ওলাই আহি প্ৰতিবাদী সংগঠনৰ নেতা কৰ্মী সকলৰ মুখামুখি হৈ তেওঁ লোকৰ উদ্দেশ্য আগ্ৰহেৰে শুনাৰ পিছত বিষয়াগৰাকীৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ পিয়াঁজ, কণী, শাক-পাচলি, ৰন্ধন গেছ, দাইল, চাউল আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ বাবে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবীৰে স্মাৰক প্ৰদান কৰে৷