
মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত নামফাই বনাঞ্চলত বনাঞ্চল বেদখলকাৰী আৰু স্থানীয় নামফাইবাসীৰ মাজত সংঘাটময় পৰিৱেশৰ সৃষ্টি হয়৷
কিছুদিনৰ পূৰ্বে বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই বনাঞ্চলখনত উপস্থিত হৈ বানাক্ৰান্তৰ পৰিচয়েৰে বনাঞ্চল বেদখল কৰি থকা লোক সকলক বেদখলৰ সপক্ষে উৎসাহজনক মন্তব্য আগবঢ়ায়৷
দীৰ্ঘদিনীয়া ৰাজহুৱা প্ৰতিবাদৰ ফলত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি লাহে লাহে শামকটাৰ সময়তে আজি পুনৰ বনাঞ্চল বেদখলকাৰী সকলে বনাঞ্চলখনৰ গাতে লাগি থকা নামফাই গাঁৱৰ সমীপৱৰ্তী বনভূমি বেদখল কৰে৷ যাৰ বাবে দখলকাৰীৰে স্থানীয় লোকৰ সংঘাতময় পৰিস্থিতিৰ সৃষ্টি হয়৷
সংঘাতে চৰম পৰ্যায় লাভ কৰাত দুয়োপক্ষই দা, কুঠাৰেৰে পৰস্পৰক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল যদিও স্থানীয় লেখাপানী আৰু জাগুণ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিত নিয়ন্ত্ৰণ কৰে৷ প্ৰশাসন সস্তম হৈ আছে যদিও নিশা পৰ্যন্ত অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে ৷