
গোলকগঞ্জঃ স্বচ্ছতাই সেৱা এই বিষয়টো মূল মন্ত্ৰ হিচাপে লৈ আজিৰে পৰা দেশজুৰি আৰম্ভ হোৱা স্বচ্ছতাৰ প্ৰচাৰ অভিযানৰ অংশ হিচাপে আজি ধুবুৰী চহৰত বিশাল শোভাযাত্ৰা উলিওৱা হয়। সুন্দৰকৈ সজাই পৰাই তোলা স্বচ্ছতা ৰথক লৈ চহৰৰ প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰৰ পৰা আৰম্ভ হোৱা শোভাযাত্ৰা ধুবুৰী জিলা উপায়ুক্ত ধীৰাজ চৌধুৰীয়ে আনুষ্ঠানিক ভাৱে পতাকা জোকাৰি শুভৰাম্ভ কৰে।
শোভাযাত্ৰাত আৰক্ষী অধীক্ষক লংনিত টেৰণ, বিভিন্ন বিভাগৰ জেষ্ঠ বিষয়া সকল, স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। শোভাযাত্ৰা উদ্বোধন কৰি দিয়া ভাষণত জিলা উপায়ুক্ত চৌধুৰীয়ে পৰিস্কাৰ-পৰিচ্ছনতাক আমাৰ জীৱন ধাৰা হিচাপে গঢ়ি তুলিবলৈ আৰু সমাজৰ সকলো অংশকে এই অভিযানত জড়িত হবলৈ আহবান জনায়। এই উপলেক্ষ্যে শপত বাক্য পাঠ কৰাই জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই।
আজিৰে পৰা পষেক জোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা এই কাৰ্যসুচীৰ অধীনত গাঁও পঞ্চায়ত পৰ্যায়তো পৰিস্কাৰ-পৰিচ্ছন্নতাৰ হকে সজাগতা সভা অনুষ্ঠিত কৰা হয়। অহা দুই অক্টোবৰত সামৰণি পৰিবলগীয়া এই প্ৰচাৰ অভিযানৰ সময়চোৱাত চাফ-চিকুনতাৰ বাবে শ্ৰেষ্ঠ বিদ্যালয় পুৰস্কৃত কৰা হ’ব।
জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি কয় যে এই বেলি ধুবুৰী জিলাৰ দূৰ্গা পুজা অনুষ্ঠিত হ’বলগীয়া পূজা মণ্ডপ সমূহৰ ভিতৰতো পৰিস্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা পূজা সমিতিক পুৰস্কৃত কৰা হ’ব। বিশেষকৈ প্লাষ্টিক বৰ্জন, পৰিবেশ অনুকুল ৰং আৰু সামগ্ৰীৰ ৱ্যৱহাৰ, দুই ৰঙী ডাষ্টবিনৰ সুৱ্যৱহাৰ আৰু চাফ-চিকুনতাৰ ভিত্তিত শ্ৰেষ্ঠ বিবেচিত পূজা সমিতিক এই বটাঁ প্ৰদান কৰা হ’ব।
এই উদ্দেশ্যে জিলাৰ অতিৰিক্ত উপাযুক্ত পল্লৱ মজুমদাৰক লৈ চাৰি জনীযা বাছনি সমিতি গঠন কৰি দিয়া হৈছে বুলি জানিবলৈ দিয়ে।