দলংঘাটঃ দৰং জিলাৰ খটৰা সত্ৰত অনুষ্ঠিত হৈ থকা পাচেতি উৎসৱৰ লগত সংগতি ৰাখি আজি ভাৰতীয় জনতা পাৰ্টীৰ পাথৰিঘাট মণ্ডলৰ উদ্যোগত সত্ৰৰ চৌহদটি পৰিস্কাৰ কৰাৰ বাবে স্বচ্ছ ভাৰত অভিযান কাৰ্য্যসূচী এটি ৰূপায়ণ কৰে৷

উক্ত কাৰ্য্যসূচী শুভাৰম্ভ কৰে ভাৰতীয় জনতা পাৰ্টীৰ দৰং জিলা সমিতিৰ উপসভাপতি হৰেন ডেকাই। কাৰ্যসূচীত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকতা সকল, সত্ৰৰ কৰ্মীবৃন্দ, পাথৰিঘাট মণ্ডল যুৱ মৰ্চাৰ সভাপতি ভুষণ ডেকা, বিষয়ববীয়া বিজুফুকন শৰ্মা আৰু পংকজ কুমাৰ ডেকাৰ লগতে অাঞ্চলিক ৰাইজ।