বঢ়মপুৰঃ ৰাজ্যৰ তিনি জনগোষ্ঠীৰ সৈতে প্ৰতিনিৰ সৈতে সোমবাৰে আলোচনাত মিলিত হয়৷ তিৱা, ৰাভা আৰু মিচিং জনগোষ্ঠীৰ প্ৰতিনিধিৰে আলোচনাত মিলিত হয় জনগোষ্ঠীৰ কেইটাৰ প্ৰতিনিধি৷ উন্নয়ণ পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ বিষয় সন্দৰ্ভত অসম সচিবালয়ত অসম চৰকাৰ আৰু তিৱা, ৰাভা আৰু মিচিং জাতীয় সংগঠন সমূহৰ মাজত এক সৌহাদ্যপূৰ্ণ আলোচনা অনুষ্ঠিত হয়।

সভাত মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোনোৱাল, ভৈয়াম জনজাতি-অন্যান্য পিছপৰা জাতি কল্যাণ মন্ত্ৰী প্ৰমীলা ৰানী ব্ৰহ্ম, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নৱ দলে, মুখ্য সচিব উপস্থিতিত অনুষ্ঠিত হয় এই আলোচনা৷ সভাৰ অন্তত তিৱা, ৰাভা আৰু মিচিং স্বায়ত্ত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তকৰণৰ বিষয়টো আগুৱাই নিয়াৰ অৰ্থে কেবিনেট উপ-সমিতি গঠন কৰাৰ উল্লেখ কৰে চৰকাৰে৷

কেবিনেট উপ-সমিতিয়ে জাতীয় সংগঠনৰ লগত আলোচনা মৰ্মে কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন প্ৰেৰণৰ ব্যৱস্থা কৰিব। অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ আইন সন্দৰ্ভতো আলোচনা কৰে সংগঠন কেইটাৰ প্ৰতিনিধিয়ে। মুখ্যমন্ত্ৰীয়ে সজাতি দলক প্ৰতিশ্ৰুতি দি জনজাতি আৰু খিলঞ্জীয়াসকলক ক্ষতি কৰিব পৰা কোনো কামেই অসম চৰকাৰে নকৰে বুলি কয়। জনজাতিসকলৰ আশংকা সন্দৰ্ভত কম দিনৰ ভিতৰত তিৱা, ৰাভা পৰিষদক লৈ অসম চৰকাৰ আৰু জাতীয় সংগঠনৰ মাজত এক আলোচনা অনুষ্ঠিত কৰা হ’ব বুলিও কয় চৰকাৰে।