
গোলকগঞ্জঃ বুধবাৰে নামনি অসমত ব্যস্ত আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ নলবাৰী জিলাৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ অন্তিম দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে৷ ড০ বাণীকান্ত কাকতিৰ ১২৫ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ভেল্লাৰ বাতিকুৰিহা হাইস্কুল প্ৰাংগনত উদযাপন কৰা মুকলি সভাতো অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে৷
তাৰ পিছত মুখ্যমন্ত্ৰীয়ে ধুবুৰী জিলাৰ ৰাইকুটি সত্ৰৰ সত্ৰীয়া সংস্কৃিতি দিৱসত অংশ গ্ৰহণ কৰাৰ কথা আছিল৷ কিন্তু মুখ্যমন্ত্ৰীয়ে সত্ৰীয়া সংস্কৃিতি দিৱসত উপস্থিত নোহোৱাত নিৰাশ হয় সত্ৰ মহাসভাৰ লোকৰ লগতে সীমান্তবাসী ৰাইজ৷ মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ অস্থায়ী হেলিপেডত অৱতৰণ কৰিব নোৱাৰাৰ বাবে সীমান্তৰ ৰাম ৰাইকুটি সত্ৰত উপস্থিত হ’ব নোৱাৰিলে বুলি জানিব পৰা গৈছে৷ পুৱাৰে পৰা গায়ন-বায়নে মুখ্যমন্ত্ৰীক আদৰিবলৈ সাজু হৈ আছিল শ-শ লোক৷
যান্ত্ৰিক বিজুতিৰ বাবে সীমান্তৰ ৰাইকুটি সত্ৰত উপস্থিত হোৱা সম্ভৱ নহ’ল মুখ্যমন্ত্ৰীৰ৷ মুখ্যমন্ত্ৰী সত্ৰ শালৰ ৰাম ৰাইকুটিত সত্ৰীয়া সংস্কৃিতি দিৱসৰ মুকলি সভাত ভাগ লোৱাৰ কথা আছিল৷ মুখ্যমন্ত্ৰী উপস্থিত নোহোৱাত কমলাবাৰী সত্ৰৰ সত্ৰাধীকাৰ জনাৰ্দন গোস্বামীয়ে বন্তী প্ৰজ্বলেনেৰে বিয়লি মুকলি সভা উদ্ধোধন কৰে৷ সভাত সত্ৰ মহাসভাৰ সভাপতি জীতেন্দ্ৰ নাথ প্ৰধানী, উপ-সভাপতি নৃপেন ৰায়, সম্পাদক কুসুম কুমাৰ মহন্ত, স্থানীয় বিধায়ক অশ্বিনী ৰায় সৰকাৰ আৰু বিধায়ক অশোক সিংহি উপস্থিত থাকে৷