খেৰণিঃ কটকটীয়া নিৰাপত্তাৰ পিছতো অসমত বিনা দ্বিধাই সোমাই ট্ৰাক৷ মাত্ৰ দুদিন পুৰ্বে কাৰ্বি আংলঙত বিদেশী মদৰ গাড়ী জব্দ কৰাৰ পিছত পুনৰ জব্দ হল বেআইনী ভাবে চলাচল কৰা ট্ৰাক৷ পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত দুখনকৈ অবৈধ কয়লাভৰ্তী ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগে। 

ৰাজ্যত প্ৰশাসন-বন বিভাগে অবৈধভাৱে ভূমি বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত ৰখাৰ সময়তে মঙলবাৰে পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত অবৈধ কয়লা কঢ়িওৱা দুখনকৈ কয়লাভৰ্তী ট্ৰাক জব্দ কৰে বন বিভাগে।

বন বিভাগৰ হামৰেণ সংমণ্ডলৰ দল এটাই অবৈধভাৱে মেঘালয়ৰ পৰা কাৰ্বি আংলঙৰ মাজেৰে কয়লা সৰবৰাহ কৰাৰ এক খবৰ লাভ কৰে। খবৰৰ ভিত্তিত দলটোৱে হামৰেণ-ডংকামোকাম পথত তীক্ষ্ন দৃষ্টিৰে টহল দিয়ে। অৱশেষত পুৱাৰ ভাগত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা হামৰেণ হৈ গুৱাহাটীলৈ বুলি কয়লা সৰবৰাহ কৰি থকা অৱস্থাত ডংকামোকামত কয়লাভৰ্তী ট্ৰাক দুখন প্রত্যক্ষ কৰে আৰু লগে লগে দুয়োখন ট্ৰাক জব্দ কৰে।

উল্লেখযোগ্য যে হামৰেণৰ সংৰক্ষন বিভাগৰ ৰেঞ্জাৰ ভোগেশ্বৰ টেৰণৰ নেতৃত্বত ডংকামোকাম বনকর্মীৰ সহযোগত উল্লেখিত ট্ৰাক দুখন জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগে। ট্ৰাক দুখনৰ নম্বৰ হল ক্ৰমে এম এল ০৪ বি ০৪৮৪ আৰু এম এল ০৫ ৩৮৬০।