জোনাইঃ ধেমাজি জিলাৰ জোনাই মহকুমাৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান মূৰ্কংচেলেক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন আজি ২০১৭/ ২০১৮ বৰ্ষৰ বাবে শান্তি পূৰ্ণকৈ অনুষ্ঠিত হৈ যায়।

সন্ধিয়া ফলাফল ঘোষণা কৰা অনুসৰি উপ সভাপতি পদত ৰাম দলে, সাধাৰণ সম্পাদকত টেকচন পাতিৰ আৰু সহকাৰী সাধাৰণ সম্পাদকৰ পদত উমাৰাম কুম্বাং নিৰ্বাচিত হয়। আন আন বিভাগৰ সম্পাদক, সম্পাদিকা পদত নিৰ্বাচিত প্ৰাৰ্থী সকল হল ক্ৰমে  বিপিন মৰাং-গুৰু ক্ৰীড়া, সুনীল দলে-লঘু ক্ৰীড়া, সঞ্জয় পেগু-সাংস্কৃতিক, মিন্তু পেগু-আলোচনী, জহাৰ পেগু-তৰ্ক, উত্তম নৰহ-শৰীৰ চৰ্চা, প্ৰনব পেগু-ছাত্ৰ জিৰণি কোঠা আৰু ইৰিছমা পাৱ-ছাত্ৰী জিৰণি কোঠাৰ সম্পাদিকা পদত নিৰ্বাচিত হয়।