কোকৰাঝাৰঃ এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰল বিটিএডিৰ সদৰ কোকৰাঝাৰ জিলা৷ দেওঁবাৰে একত্ৰিত হ’ল বছৰ বছৰ ধৰি দুই মেৰুত অৱস্থান গ্ৰহণ কৰা আক্ৰাছুৰ দুই গোট৷ অৱশেষত যেন সকলো জল্পনা-কল্পনা অৱসান ঘটিল৷ একত্ৰিত হ'ল আক্ৰাছুৰ দুয়োটো গোট। কোচ-ৰাজবংশী জনগোষ্ঠীৰ জাতিয় সংগঠন আক্ৰাছু দুটা গোটত বিভাজিত হৈছিল যদিও অৱশেষত আক্ৰাছু একত্ৰিতকৰণ আহ্বায়ক সমিতিৰ বহুদিনীয়া নেৰানেপেৰা প্ৰচেষ্টাৰ ফলস্বৰূপে দেওবাৰে আক্ৰাছু দুয়োটা গোট অধিৱেশনত উপস্থিত থাকি এক আৱেগিক পৰিৱেশৰ সৃষ্টি হয়৷

আক্ৰাছু'ৰ দুয়োটা গোট একত্ৰিত হোৱাত কোচ ৰাজবংশী জনতা উল্লাস প্ৰকাশ কৰে৷ বহু বাদ বিতৰ্কৰ অন্তত অৱশেষত আক্ৰাছুৰ দুয়োটা গোট একত্ৰিকৰণৰ চুড়ান্ত সিদ্ধান্ত উপনীত হয় দেওঁবাৰে। আক্ৰাছুৰ প্ৰদীপ গোট আৰু আক্ৰাছুৰ হিতেশ গোটে অৱশেষত ৰাইজৰ সিন্ধান্ত অনুসৰি একত্ৰিকৰণৰ উদ্দেশ্যে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ মইনাৰতলত যামিনী কুমাৰ বৰুৱা ফেলপথাৰত অনুষ্ঠিত কৰিছে দ্বি-বাৰ্ষিক যৌথ অধিবেশন। আক্ৰাছুৰ শ্বহীদ দিৱসৰ সৈতে সংগতি ৰাখি ফকিৰাগ্ৰামত অনুষ্ঠিত হোৱা একত্ৰিতকৰণ অধিবেশনত আক্ৰাছুৰ দুয়োটা গোটৰ কেন্দ্ৰীয় নেতাসকল উপস্থিত থাকে।

অধিবেশনৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন, শ্বহীদ বেদী তৰ্পনৰ পিছতে আক্ৰাছু(হি)ৰ সভাপতি হিতেশ্বৰ বৰ্মনে ৰাইজে বিচৰা ধৰণে একত্ৰিতকৰণ হোৱাৰ পিছত পুণৰাই বিভাজিত যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনায়। একত্ৰিকৰণৰ পিছতে পুণৰাই কমতাপুৰ উদ্ধাৰৰ বাবে ব্যাপক আন্দোলন গঢ়ি তোলা হ’ব বুলি ঘোষণা কৰে হিতেশ্বৰ বৰ্মনে। আনহাতে আক্ৰাছু (প্ৰ)গোটৰ সভাপতি প্ৰদীপ ৰায়ে চৰকাৰী ষড়যন্ত্ৰৰ বাবেই আক্ৰাছু বিভাজিত হৈছিল বুলি মন্তব্যৰে একত্ৰিতকৰণৰ পিছতেই কমতাপুৰ, জনজাতিকৰণ আৰু কোচ ৰাজবংশী ভাষাক ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভূক্ত কৰাৰ দাবীত ব্যাপক আন্দোলন গঢ়ি তোলা হ’ব বুলি মন্তব্য কৰে। দেওবাৰে বহু প্ৰতিক্ষাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব৷ কিয়নো আক্ৰাছুৰ নতুন সমিতি গঠন হ’ব প্ৰতিনিধি সভাত৷