
খেৰণিঃ পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধীনৰ পৰিষদীয় ৮ নং হামৰেণ সমষ্টিৰ অন্তৰ্গত থকা ডংকামোকাম চহৰত আজি আনুষ্ঠানিকভাৱে অনুস্থিত হৈ যায় উল্লেখিত চহৰখনৰৰ ৱাৰ্ড সমিটি গঠন কাৰ্যসুচী৷ উল্লেখ্য যে, কাৰ্বি পৰিষদৰ পৰিষদীয় সদস্য তথা সমষ্টিৰ জনপ্ৰতিনিধি মংগলছিং তিমুঙৰ উপস্থিতিত গঠন কৰা হয় ডংকামোকাম চহৰৰ অধীনত থকা ৫ নং ৱাৰ্ডৰ ৱাৰ্ড সমিটিখন৷
সৰ্বসন্মতি ক্ৰমে বিভিন্ন পদ আৰু সদস্যৰে গঠন কৰা ১৫ জনীয়া সমিতিখনত সভাপতি হিচাবে চৰনছিং বে আৰু চানেবা সিংঙক উপ-সভাপতি পদত বাচনি কৰাৰ বিপৰীতে সাধাৰণ সম্পাদকৰ পদত ষ্টেলিন টেৰাং আৰু সহঃ সাধাৰণ সম্পাদিকা হিচাপে ৰজনী ইংহিপিৰ লগতে কোষাধ্যক্ষৰ পদত মংগলছিং টেৰাঙক বাচনি কৰি দায়িত্ব অৰ্পন কৰে আজিৰ অনুষ্ঠিত কাৰ্যসুচীৰ জৰিয়তে৷
উল্লেখ্য যে, আয়োজন কৰা আজিৰ বাচনি অনুষ্ঠানত সমিটি গঠনৰ পাছতেই কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মংগলছিং তিমুঙে নৱ গঠিত সমিতিখনক উক্ত ৱাৰ্ডখনত বিভিন্ন দিশত দেখা দি থকা সমস্যাসমুহ দুৰ কৰি উন্নয়ণ আৰু বিকাশ সাধন কৰাৰ দিহা পৰামৰ্শ দিয়ে৷ লগতে চহৰ সমিটিৰ জৰিয়তে সমাধান কৰিব নোৱাৰা সমস্যা আদিৰ কথা তেওঁক অৱগত কৰিবলৈ অনুৰোধ জনায় তিমুঙে৷
এক কথাত ক’বলৈ গলে দেশ অথবা ৰাজ্যৰ লগতে গেৰুৱা হৈ পৰা পাহাৰীয়া জিলাখনক কোনোটো প্ৰকাৰে পশ্চাদমুখী হৈ থাকিব নিদিও আৰু শক্তিশালী ৰূপত থকা বিজেপি চৰকাৰৰ জৰিয়তে আমি এই জিলাখনত সৰ্বতো প্ৰকাৰৰ সৰ্বাংগীন উন্নয়ণ সাধন কৰি যাম বুলি মন্তব্য কৰে তিমুঙে৷
আনহাতে এই অনুষ্ঠানৰ পাছতে আন এখন বিজেপিৰ পূৰ্ণকালীন সভা অনুষ্ঠিত হয়৷ বিজেপি নেতা চাৰমেন ফাংছৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা বৰ্তমানৰ পৰিষদীয় সদস্য মংগলছিং তিমুং উপস্থিত থকাৰ বিপৰীতে পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সমিটিৰ কাৰ্যালয় সম্পাদক হাৰমন বে, বিজেপি নেতা চাৰছিং ফাংছ, বিৰেন তিছ’কে আদি কৰি ভালে সংখ্যক বিজেপি নেতা কৰ্মীৰ লগতে মহিলা কৰ্মীসকল উপস্থিত থাকে৷
এই সভাত মুখ্য অতিথি হিচাপে অংশ লোৱা কাৰ্বি পৰিষদৰ পৰিষদীয় সদস্য মংগলছিং তিমুঙে জিলাখনৰ আন আন পৰিষদীয় সমষ্টিৰ সমান্তৰালকৈ হামৰেণ পৰিষদীয় সমষ্টিটো পকী পথ, বিশুদ্ধ খোৱা পানী, চিকিৎসাৰ সুব্যৱস্থা আদি সুকলমে কৰিব বুলি উপস্থিত ৰাইজক জানিবলৈ দিয়ে৷
লগতে হামৰেণ সমষ্টিৰ প্ৰতিটো বিজেপি স্থানীয় সমিটিৰ অন্তৰ্গৰ অঞ্চলসমুহত থকা বিভিন্ন সমস্যা আদিৰ প্ৰতিবেদন অহা ৩০ চেপ্টেম্বৰৰ ভিতৰত স্থানীয় সমিটিসমুহৰ যোগেদি জনপ্ৰতিনিধিৰ হাতত জমা দিবলৈ নিৰ্দেশ দিয়ে স্থানীয় সমিটিসমুহক তিমুঙে৷