
newsnextone.com | পৰ্বতঝোৰাঃ ডি-ভোটাৰৰ সমস্যাত যুঁজ দি থকা এগৰাকী লোকে আত্মহত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ধুবুৰী জিলাৰ আগমনিৰ হালাকুৰাত৷ হালাকুৰা আৰক্ষী চকীৰ অন্তৰ্গত বিদ্যাৰডাবৰীৰ অভলা ৰায় নামৰ লোকজনে চিপ লৈ আত্মহত্যা কৰে৷
জানিব পৰা মতে, হালাকুৰা আৰক্ষী চকীৰ অন্তৰ্গত বিদ্যাৰডাবৰীৰ নিবাসী অভলা ৰায় আৰু পত্নী সহাৰী বালা ৰায়ক আদালতে ডি-ভোটাৰৰ জাননী প্ৰেৰণ কৰে৷ ডি-ভোটাৰৰ জাননী লাভ কৰাৰ পিছতে স্বামী-স্ত্ৰীৰ মাজত কাজিয়া লাগে৷ দৰিদ্ৰ পৰিয়ালটোৰ আদালতত যাবলৈ হাতত ধন নাছিল৷ কাজিয়াৰ মাজতে চোকা অস্ত্ৰৰে পত্নীক আক্ৰমণ কৰে৷ পত্নীয়ে হালাকুৰা আৰক্ষী চকীত উপস্থিত হোৱাত আৰক্ষীয়ে ধুবুৰী অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰে৷ তাৰ পিছতে দেওবাৰে দিনৰ ১১ বজাত স্বামী অভলা ৰায়ে নিজ গৃহতে চিপলৈ আত্মহত্যা কৰে৷