লখিমপুৰঃ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৫০ ঘন্টীয়া অনশনৰ আজি সামৰণি পৰে। ৰাজ্যৰ চাহ জনজাতিৰ লোক সকলে অধিকাৰৰ পৰা বঞ্চিত হোৱৰ প্ৰতিবাদত চাহ জনজাতি ছাত্ৰ সন্থাই বৃহস্পতিবাৰৰ পৰা ৫০ ঘন্টীয়া অনশন ধৰ্মঘট কাৰ্যসূচী পালন কৰিছিল৷

প্ৰায় ২০০ বছৰে অসমত থাকি হাড়ভঙা পৰিশ্ৰমেৰে অসমৰ চাহ শিল্পক জীয়াই ৰখা এইসকল চাহ জনজাতিৰ লোকে সকলো চৰকাৰী অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে৷ মাহিলি বেতনৰ পৰা চৰকাৰী চিকিৎসা সেৱালৈ, শিক্ষাৰ পৰা চৰকাৰী আঁচনিলৈ সকলো নূন্যতম প্ৰাপ্যৰ পৰা বঞ্চিত হৈ অহা চাহ জনজাতিৰ লোকসকলক চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে চাহ জনজাতি ছাত্ৰ সন্থাই৷

আনহাতে চাহ জনজাতি ছাত্ৰ সন্থাই উত্থাপন কৰা দাবী সমূহ শীঘ্ৰে সামাধান কৰিবলৈ সংগঠনটোৱে জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ শ্ৰম মন্ত্ৰী আৰু মূখ্যমন্ত্ৰীলৈ এখন পাঁচ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷