newsnextone.com | পশ্চিম নলবাৰীঃ প্ৰসিদ্ধ সাংবাদিক, স্তম্ভ লেখক তথা মানব অধিকাৰ কৰ্মী কুলদ্বীপ নায়াৰৰ মৃত্যুত শুকুৰবাৰে সমগ্ৰ দেশৰ লগতে অসম একাডেমী নলবাৰীতো শোঁকৰ ছাঁ পৰে। 

শুকুৰবাৰে ৰাতিপুৱা বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰীৰ লগতে ছাত্ৰ-ছাত্রী এক গোট হৈ এখন শোক সভা অনুষ্ঠিত কৰে।

সভাত বিদ্যালয়ৰ অধ্যক্ষ তথা সাহিত্যিক, শিক্ষাবিদ ৰমানাথ বৰুৱাই নায়াৰৰ কৰ্ম তথা দৰ্শনৰ ওপৰত আলোকপাত কৰে।