ডিজিটেল ৰিপ'ৰ্টঃ ৰাজ্যবাসীয়ে বানৰ কবলত পৰি ককবকাই থকাৰ সময়তে কংগ্ৰেছৰ নেতা ব্যস্ত হৈ পৰিছে গৃহ যুদ্ধ কৰাত৷ দলটো শাসনত নাই যদিও আভ্যন্তৰীণ কন্দল যেন সমাপ্ত নহয় হে নহয়৷ যোৱা নিৰ্বাচনত দলৰে একাংশ নেতা-কৰ্মীয়ে চিপৰাং মৰাৰ ফলত দলটো ধৰাশায়ী হোৱা বুলি আজিও চৰ্চা অব্যাহত আছে৷

যোৱা নিৰ্বাচনৰ সময়তে টিংখাং বিধানসভা সমষ্টিত আৰম্ভ হোৱা দলটোৰ দুটা ফৈদৰ কন্দল আজিও অব্যাহত আছে৷ সমষ্টিটোৰ নেতা-কৰ্মীয়ে পৱন সিং ঘাটোৱাৰৰ পত্নী জীৱনতাৰা ঘাটোৱাৰ আৰু এটোৱা মুণ্ডাৰ ফৈদত বিভক্ত হৈ পৰিছে।

নিৰ্বাচনৰ সেই জুইকুৰা যেন আজিও জ্বলি আছে৷ যাৰ পৰিণতিত আজি এটা পক্ষই আন এটি পক্ষৰ নেতাৰ প্ৰতিকৃতি দাহ কৰে৷ অহা ১৬ জুলাইত দলটোৰ অসম চাহ মজদুৰ সংঘৰ মহিলা সমিতিৰ উদ্যোগত টিংখাঙৰ ৰাজগড়স্থিত কাৰ্যালয়ত এখন সমাৱেশৰ আয়োজন কৰিছে।

আনহাতে উক্ত দিনাই একেটা স্থানতেই টিংখাং ব্লক কংগ্ৰেছৰ উদ্যোগত ব্লক মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, এন এছ ইউ আই আৰু চাহ কোষে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণা দিৱস পালনৰ প্ৰস্তুতি চলায় ৷ ইয়াৰ মাজতে সমাৱেশক লৈ দুয়োপক্ষৰ মাজত বাদ-বিবাদ পুনৰ আৰম্ভ হৈছে৷

যাৰ পৰিণতিত আজি নিজ নেতাৰে প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মীয়ে৷ ৰাজগড়ত চাহ কোষৰ একাংশ কৰ্মীয়ে প্ৰাক্তন মন্ত্ৰী পবন সিং ঘাটোৱাৰ আৰু জীৱনতাৰা ঘাটোৱাৰৰ প্ৰতিকৃতি দাহ কৰে। ডিব্ৰুগড় জিলাৰ ১১৯ নং টিংখাং বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ নেতা-কৰ্মীৰ আভ্যন্তৰীণ কন্দল মষিমূৰ কৰাৰ বাবে প্ৰদেশ কংগ্ৰেছে ব্যৱস্থা গ্ৰহণ কৰিবনে সেয়া লক্ষণীয় হ'ব৷ উল্লেখ্য যে সমষ্টিটো বৰ্তমান বিজেপিৰ দখলত আছে।

 • With inputs from NNO Tingkhong •