
ডিজিটেল ৰিপ'ৰ্টঃ ৰাজ্যজুৰি বিদ্যুতৰ নাটনি অব্যাহত থকাৰ সময়তে আজিও কাৰ্যক্ষম হৈ নুঠিল বঙাইগাঁও তাপবিদ্যুৎ প্ৰকল্প। ২০০৬ চনৰ ১৬ জানুৱাৰীত তদানীন্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙে অাধাৰশিলা স্থাপন কৰা বঙাইগাঁও তাপ বিদ্যুৎ প্ৰকল্পটো ২০১১ চনতে সম্পূৰ্ণ হোৱাৰ কথা আছিল যদিও উক্ত ৫ হাজাৰ কোটিটকীয়া প্ৰকল্পটো একমাত্ৰ এনটিপিচিৰ অৱহেলা আৰু হেমাহিৰ বাবেই আজিও সম্পূৰ্ণ হৈ নুঠাত দল সংগঠনসমুহ জাঙুৰ খাই উঠিছে।
♦ এনটিপিচিৰ অৱহেলা, দল সংগঠনৰ ক্ষোভ প্ৰকাশ
♦ ১১ বছৰে কাৰ্যক্ষম হৈ নুঠিল বঙাইগাঁও তাপবিদ্যুৎ প্ৰকল্প
৭৫০ মেগাৱাট ক্ষমতা সম্পন্ন বঙাইগাঁও তাপ বিদ্যুৎ প্ৰকল্পটো সময়মতে সম্পূৰ্ণ হৈ উঠিলে ৰাজ্যত লোডশ্বডিঙৰ পৰিমাণ নিম্নতম হ'লহেতেন যদিও এইক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰু শক্তিমন্ত্ৰীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে।
৭৫০ মেগাৱাট ক্ষমতা সম্পন্ন বঙাইগাঁও তাপবিদ্যুৎ প্ৰকল্পটো বৰ্তমানেও কাৰ্যক্ষম হৈ নুঠাত আজি বিটিচিৰ নিৰ্বাচিত সদস্য অৰ্পণা দাসে এবিএমছু , আক্ৰাছু আৰু আছাৰ প্ৰতিনিধিক লগত লৈ এনটিপিচিৰ কৰ্তৃপক্ষৰ সৈতে এক বৈঠকত মিলিত হয়।
উক্ত বৈঠকৰ অন্তত এবিএমছুৰ সহ সম্পাদক মইনুদ্দিন আলিয়ে এনটিপিচিৰ অৱহেলা আৰু অকৰ্মণ্যতাক তীব্ৰ ভাষাৰে গৰিহণা দি অতি নিম্মমানৰ মামৰে ধৰা সামগ্ৰীও প্ৰকল্পত ব্যৱহাৰ হোৱাৰ অভিযোগ উত্থাপন কৰে।
প্ৰথম ইউনিটটো কাৰ্যক্ষম হোৱাৰ কিছুদিন পিছতে বন্ধ হৈ পৰাত এনটিপিচিৰ কৰ্তৃপক্ষকে দোষাৰোপ কৰি মইনুদ্দিন আলিয়ে দালালৰাজ ,দুৰ্নীতিৰ ফলতে সপোনৰ প্ৰকল্পটো বৰ্তমানেও সম্পূৰ্ণ নহ'ল বুলি মন্তব্যৰে অতি শীঘ্ৰে প্ৰকল্পটো কাৰ্যক্ষম কৰি তুলিবলৈ দাবী উত্থাপন কৰিছে। আনহাতে বিটিচিৰ নিৰ্বাচিত সদস্য অৰ্পণা দাসে সমগ্ৰ প্ৰকল্পটোৰ দুৰ্নীতি-অনিয়মৰ তদন্তৰ দাবী উত্থাপন কৰি ৰাইজ তথা সংগঠনৰ সহায়ত প্ৰকল্প কাৰ্যক্ষম কৰাৰ বাবে মাত মাতি যাব বুলি মন্তব্য কৰিছে।
ইপিনে ৭৫০ মেগাৱাট ক্ষমতাসম্পন্ন বঙাইগাঁও তাপবিদ্যুৎ প্ৰকল্পটো বৰ্তমানেও কাৰ্যক্ষম হৈ নুঠাত প্ৰকল্পটোৰ গ্ৰুপ জেনেৰেল মেনেজাৰ উৎপল চক্ৰৱৰ্তীয়ে প্ৰথম ইউনিটটো(২৫০মেগাৱাট)ৰ যান্ত্ৰিক বিজুতি ঘটা বুলি সদৰী কৰি বাকী দুটা ইউনিট(২৫০ কৈ দুটা) পৰ্যায়ক্ৰমে সম্পূৰ্ণ হৈ উঠিব বুলি সদৰী কৰিছে।
ইয়াৰে এটা ইউনিট অহা ১৫ আগষ্টৰ পূৰ্বে, দ্বিতীয়টো ইউনিট চলিত বৰ্ষৰ অক্টোবৰ মাহত আৰু তৃতীয় ইউনিটটো ২০১৮ চনৰ মাৰ্চত কাৰ্যক্ষম হৈ উঠিব বুলি দাবী কৰিছে যদিও ১১ বছৰে সম্পূৰ্ণ কৰিব নোৱাৰা প্ৰকল্পটো এবছৰৰ ভিতৰত কেনেদৰে কাৰ্যক্ষম কৰি তুলিব তাকে লৈ সন্দেহৰ সৃষ্টি হৈছে।
উল্লেখ্য যে ২০০৬ চনত অসম চৰকাৰ আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে ২৪০০ বিঘা মাটি, পূৰ্বৰ বঙাইগাঁও তাপ বিদ্যুৎ প্ৰকল্পৰ স্থাবৰ সম্পত্তি , চিকিৎসালয় , বিদ্যালয় , কোৱাৰ্টাৰ আদিকে ধৰি বহু সম্পত্তি প্ৰকল্পটোৰ স্বাৰ্থত এনটিপিচিক মাথো এটকাৰ বিনিময়ত হস্তান্তৰ কৰিছিল যদিও ১১ বছৰ উকলি যোৱাৰ পিছতো প্ৰকল্পটো কাৰ্যক্ষম হৈ নুঠাত সম্প্ৰতি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।