
newsnextone.com | গুৱাহাটীঃ ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে চলাইছে গণ স্বাক্ষৰ অভিযান৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জু’ ৰোড তিনিআলি, চানমাৰী, পাঞ্জাবাৰী আদি ঠাইত চলাইছে গণ স্বাক্ষৰ অভিযান৷ দেওবাৰৰ পৰা চলোৱা অভিযানত অংশ লৈছে কেইবাগৰাকী ৰাজ্যিক নেতা-নেত্ৰী৷
নাগৰিকত্ব সংশোধনী বিধেয়ক বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে জনমত গঢ়াত বিফল হোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতে ৰাজ পথলৈ ওলাই আহিবলৈ বাধ্য হয় কংগ্ৰেছে৷ কেইবাগৰাকী ৰাজ্যিক পৰ্যায়ৰ নেতা-নেত্ৰীৰ উপস্থিতিত কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীয়ে গণ স্বাক্ষৰ অভিযান চলাই৷
পথচাৰী, ব্যৱসায়ী, ছাত্ৰ-ছাত্ৰী, চাকৰীয়াল আদিক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বুজনি দি এই আইন কিমান ভয়াবহ সেই কথা অৱগত কৰে৷ তাৰ লগে লগে প্ৰতিগৰাকী লোকৰ একোটাকৈ স্বাক্ষৰ লয়৷ এই স্বাক্ষৰ সমূহ ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিব চৰকাৰে৷