13
Sep
2018

newsnextone.com | পশ্চিম নলবাৰীঃ সুৰা সম্ৰাট বিজয় মালিয়াৰ কলা ধনেৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলিয়ে পুনৰ লোকসভা নিৰ্বাচন খেলিবলৈ কঁকালত টঙালি বন্ধাৰ প্ৰতিবাদত আজি সন্ধিয়া পশ্চিম নলবাৰীৰ চামতাত ধৰ্মপুৰ যুৱ কংগ্ৰেছে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলি আৰু সুৰা সম্ৰাট বিজয় মালিয়াৰ প্ৰতিকৃতি দাহ কৰে।
প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰে এনেদৰে মাফিয়াৰ কলা ধনেৰে পুনৰ নিৰ্বাচনী বৈতৰণী পাৰ হ’ব খোজা বিষয়টোৰ তীব্ৰ প্ৰতিবাদ কৰি বিজেপি চৰকাৰ হায় হায়, বিজয় মালিয়া মূর্দাবাদ আদি শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে।